Abhi Nil Murder Case Nears Final Verdict as Brutal Assault Details Surfaceনীল অভিক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল

নগাঁওঃ অসমবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থকা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে (Abhi Nil Murder Case)। গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়া চূড়ান্ত পৰ্য্যায়ত উপনীত হোৱাৰ সময়তে আদালতত উন্মোচন হৈছে কাৰ্বি আংলং জিলাৰ ডকমকাত আজিৰ পৰা প্ৰায় আঠ বছৰ পূৰ্বে সংঘটিত হোৱা অভি নীল হত্যাকাণ্ডৰ গাৰ নোম শিয়ঁৰি উঠা তথ্য।

গোচৰটোৰ মুঠ ৪৮ গৰাকী অভিযুক্তৰ তিনিগৰাকী নাবলক হিচাপে প্ৰতিষ্ঠা হোৱাত মুঠ ৪৫ জনকৈ অভিযুক্তৰ বিৰুদ্ধে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত চলি আছে বিচাৰপ্ৰক্ৰিয়া। বিচাৰপ্ৰক্ৰিয়াত ইতিমধ্যেই সাক্ষ্য গ্ৰহণ, অভিযুক্তৰ ভাষ্য গ্ৰহণ, ভুক্তভোগীৰ অধিবক্তাৰ যুক্তি প্ৰদৰ্শন আদি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বৃহস্পতিবাৰৰ পৰা অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে। অভিযুক্ত পক্ষৰ অধিবক্তাই আটাইকেইজন অভিযুক্তক ৰেহাই প্ৰদানৰ বাবে দৰ্শোৱা যুক্তি মানি লোৱা নাই ভুক্তভোগী পক্ষৰ অধিবক্তাই। গোচৰটোত হত্যাৰ ধাৰা সংযোজন কৰাৰ বাবে সমল নথকা বুলি অভিযুক্ত পক্ষৰ অধিবক্তাই যুক্তি দৰ্শোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে ভুক্তভোগী পক্ষৰ অধিবক্তা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই।

ইয়াৰ বিপৰীতে অভিজিৎ নাথ আৰু নিলোৎপল দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাটো আদালতত উন্মোচন হোৱা বুলি দাবী কৰে অভিযুক্ত পক্ষৰ লোক অধিবক্তা জিয়াউল কামাৰে। লগতে মৰুণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনেও অভিজিৎ নিলোৎপলক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ তথ্যও উন্মোচন কৰা বুলি দাবী কৰে নিলোৎপল দাস আৰু অভিজিৎ নাথৰ দুই দুৰ্ভগীয় পিতৃয়ে।

গোচৰটোৰ পৰৱৰ্তী শুনানিত অভিযুক্ত পক্ষৰ যুক্তি দৰ্শোৱাৰ পাছতেই চূড়ান্ত ৰায় প্ৰদানৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ পৰিসমাপ্তিৰ দিশে ধাৱমান নীল-অভিৰ গোচৰ


Advertisement