Arnami Bora Murder Case: Supreme Court Acquits Main Accused Moinul Haqueঅৰ্ণমাই বৰা হত্যাকাণ্ড গোচৰত মূল অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

নগাঁওঃ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টিকাৰী যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক উচ্চতম ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে। অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবেই সৰ্বোচ্চ ন্যায়ালয়ে হকক দোষমুক্ত ঘোষণা কৰে। আনকি প্ৰমাণ নষ্ট কৰাৰ অভিযোগো প্ৰত্যাহাৰ কৰে ন্যায়ালয়ে (Arnami Bora Murder Case)।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৩১ মে’ত যমুনামুখৰ চাংজুৰাই ইলাচী এল পি স্কুলৰ পৰা কৰ্তব্য সম্পাদন কৰি উভতি আহোতেই ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল অর্ণমাই বৰা৷ পিচত তেওঁৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ হৈছিল। পিছত শিক্ষয়িত্ৰী গৰাকীৰ স্বামী বিমল বৰাই যমুনামুখ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যমুনামুখ আৰক্ষীয়ে ৫২/১৭ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/ ২০১/ ৩৭৬ (এ)/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছিল৷

এই ঘটনাত জড়িত থকাৰ অভিযোগত যমুনামুখ থানাৰ অন্তৰ্গত চাংজুৰাই গাঁৱৰ চেলিম উদ্দিন (৩২) আৰু মইনুল হক (৪১)ক গ্ৰেপ্তাৰ কৰিছিল ৷ অকল গ্ৰেপ্তাৰেই নহয়, যমুনামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা গোচৰটোৰ তদন্তকাৰী বিষয়া অভিষেক বড়োৱে এই নাৰকীয় ঘটনাৰ তদন্ত কৰি মাত্ৰ ৯০ দিনৰ ভিতৰত আদালতত ১৯ জন সাক্ষীৰ সাক্ষীবাদী গ্ৰহণ কৰি ১৯৫ পৃষ্ঠাৰ অভিযোগনামা (চাৰ্জশ্বীট) দাখিল কৰিছিল৷ শংকৰদেৱ নগৰস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই গোচৰৰ তদন্ত কৰি ২০১৮ চনৰ ২৪ জুলাইত দুই অভিযুক্ত ক্ৰমে মইনুল হক আৰু চেলিম উদ্দিনক দোষী সাব্যস্ত কৰিছিল ৷

শংকৰদেৱ নগৰ আদালতে চেলিম উদ্দিনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, ২০১ ধাৰাত যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ ৰায় বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহিছিল ৷ আনজন অভিযুক্ত মইনুল হকক আদালতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (এ), ৩০২ আৰু ২০১ ধাৰাত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় বিহিছিল ৷ পৰৱৰ্তী সময়ত অভিযুক্তদ্বয়ৰ পৰিয়ালে নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিছিল। এই আপীলৰ শুনানিকালতে ওলাই পৰে অর্ণমাই বৰাৰ ধৰ্ষণ, হত্যাৰ গোচৰৰ ক্ষেত্ৰত সেই সময়ৰ হোজাই আৰক্ষীৰ সোপাঢিলা তদন্তৰ স্বৰূপ। কিয়নো শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ শৰীৰত দেখা পোৱা গৈছিল দাঁতৰ দাগ। কিন্তু বৰাৰ শৰীৰত কেনেকৈ দাঁতৰ দাগ বহিল আৰু এই দাঁতৰ দাগ কাৰ আছিল, সেয়া কোনো তদন্তই নকৰিলে স্মার্ট আৰক্ষীয়ে।

এই দাঁতৰ দাগৰ ফৰেনছিক পৰীক্ষাৰ জৰিয়তে অভিযুক্তৰ শাস্তি নিশ্চিত কৰাৰ আৰক্ষীৰ হাতত আছিল পৰ্যাপ্ত সুযোগ। কিন্তু আৰক্ষীয়ে দায়িত্বজ্ঞানহীনভাৱে সেই পৰীক্ষাৰপৰা বিৰত থাকিল। শুনানিকালত আদালতৰ বন্ধু (এমিকাছ কিউৰী) হিচাপে প্রতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰেও এই দিশটো আঙুলিয়াই দিয়ে যে অর্ণমাই বৰাৰ শৰীৰত থকা দাগ কাৰ সেয়া নিশ্চিত কৰাৰ বাবে মইনুলৰ ‘অডণ্ট’লজি’ পৰীক্ষা কৰাটো জৰুৰী আছিল। কিন্তু সেয়া কৰা নহ’ল।

তদুপৰি অর্ণমাই বৰাৰ হত্যাৰ সময়ত মইনুল ঘটনাস্থলীত উপস্থিত আছিল নে নাই তাকো সঠিক তথ্য-প্রমাণ আৰক্ষীয়ে তদন্তকালত উদ্‌ঘাটন কৰিব নোৱাৰিলে। একেদৰে হত্যাৰ পূৰ্বে অর্ণমাই বৰাক যে ধর্ষণ কৰা হৈছিল তাৰো কোনো প্রমাণ নহ’ল। উচ্চ ন্যায়ালয়ৰ মজিয়াত এনেদৰে আদালতে সকলো দিশ পৰীক্ষা কৰি ২০২২ চনৰ ২২ ডিচেম্বৰত মইনুলক মৃত্যুদণ্ডৰ পৰা ৰেহাই দি ৩ বছৰৰ কাৰাদণ্ড বিহে। অৱশ্যে ছেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে উচ্চ ন্যায়ালয়ে।

ইয়াৰ পিছত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰে। উচ্চতম ন্যায়ালয়ে প্ৰথম অৱস্থাত মইনুল হকৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায়ত মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা কৰে। ন্যায়ালয়ৰ মতে ফৌজদাৰী বিচাৰত দোষী সাব্যস্তকৰণ সন্দেহৰ ওপৰত নহয়, অকাট্য প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে হয়।

ইপিনে সমগ্ৰ বিষয়টোত আক্ষেপ প্ৰকাশ কৰি অন্নমাই বৰাৰ স্বামী বিমল বৰাই তৃণমূল পৰ্যায়ৰ খেলিমেলিৰ বাবে এনে হোৱা বুলি মন্তব্য কৰে। তেওঁ আৰক্ষীৰ গাফিলতি হোৱা বুলিও ক্ষোভ উজাৰে।

লগতে পঢ়কঃ আঠ বছৰত ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান


Advertisement