নগাঁও: ডিজিটেল গ্ৰেপ্তাৰৰ নামত ভয়, ভাবুকিৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা এক কুখ্যাত চাইবাৰ অপৰাধী চক্ৰৰ সন্ধানত মধ্য অসমৰ নগাঁৱত অভিযান চলায় গোৱা আৰক্ষীয়ে (Digital Arrest Scam)। গোৱা আৰক্ষীৰ পৰিদৰ্শক বিকাশ জয়কাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁও আৰক্ষীৰ সহযোগত অনুসন্ধান চলাই লাভ কৰিবলৈ সক্ষম হয় বৃহৎ সফলতা (Cyber Crime Assam)। নগাঁও আৰক্ষীৰ সহযোগত গোৱা আৰক্ষীয়ে নগাঁৱত অভিযান চলাই প্ৰায় ডেৰ কোটি টকাৰ প্ৰবঞ্চনাৰ সৈতে জড়িত দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অভিযানৰ নেতৃত্বত থকা গোৱা আৰক্ষীৰ পৰিদৰ্শক বিকাশ জয়কাৰে জনোৱা মতে, গোৱা ৰাজ্যত সংঘটিত এক চাইবাৰ প্ৰবঞ্চনা গোচৰত অভিযুক্ত কেইবাজনো অপৰাধীয়ে ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ ভয় দেখুৱাই ভুক্তভোগীৰ পৰা আত্মসাৎ কৰিছিল এক কোটি ৪২ লাখ টকা। এই ঘটনাৰ অনুসন্ধান কৰি গোৱা আৰক্ষীৰ অপৰাধ শাখাই নগাঁও জিলাত অভিযান আৰম্ভ কৰে (Goa Police Operation)।
গোৱা আৰক্ষীৰ পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত গঠন কৰা এটা বিশেষ দলে নগাঁৱত বাহৰ পাতি গোপন অনুসন্ধান আৰু অভিযান চলায় (Online Fraud India)। নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ সহযোগত চলোৱা এই অনুসন্ধানত নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলুগুৰিৰ য়েচমিনা আহমেদ আৰু ইটাপাৰাৰ আচ্ছাদুল ইছলাম নামৰ দুজনক গোৱাৰ ডিজিটেল গ্ৰেপ্তাৰৰ নামত ধন আত্মসাৎ কৰা গোচৰত জড়িত থকাৰ তথ্য লাভ কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Nagaon Cyber Fraud)।
আৰক্ষীয়ে জনোৱা মতে, ধৃত লোক দুজন ডিজিটেল গ্ৰেপ্তাৰৰ নামত প্ৰবঞ্চনা কৰি প্ৰায় ১ কোটি ৪২ লাখ টকা আত্মসাৎ কৰাৰ লগত জড়িত। এই চাইবাৰ অপৰাধ চক্ৰই ফোন কল, হোৱাটছএপ ভিডিঅ’ কল আদি মাধ্যম ব্যৱহাৰ কৰি নিজকে আৰক্ষী, চাইবাৰ শাখা বা কেন্দ্ৰীয় সংস্থাৰ বিষয়া বুলি পৰিচয় দি লোকক ভয় ভাবুকিৰে ধন দাবী কৰিছিল।
উল্লেখযোগ্য যে, বিগত জিচেম্বৰ মাহতে শিমলুগুৰিৰ য়েচমিনা আহমেদ আৰু ইটাপাৰাৰ আচ্ছাদুল ইছলামৰ লগতে আন দুই চাইবাৰ অপৰাধৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে।
বৃহস্পতিবাৰে গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত গোৱা আৰক্ষীয়ে শিমলুগুৰিৰ য়েচমিনা আহমেদ আৰু ইটাপাৰাৰ আচ্ছাদুল ইছলামক নগাঁও আদালতত হাজিৰ কৰায় আৰু অধিক তথ্য আৰু তদন্তৰ বাবে দুয়োকে গোৱালৈ লৈ যায়। এই গোচৰৰ সৈতে আন লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে গোৱা আৰক্ষীৰ পৰিদৰ্শকগৰাকীয়ে।
ডিজিটেল গ্ৰেপ্তাৰ কি?
ডিজিটেল গ্ৰেপ্তাৰ বুলিলে আইনগতভাৱে কোনো বৈধ ব্যৱস্থা নাথাকিলেও, চাইবাৰ অপৰাধীয়ে ব্যৱহাৰ কৰা এটা প্ৰবঞ্চনামূলক কৌশল হৈছে ডিজিটেল গ্ৰেপ্তাৰ। এই পদ্ধতিত অপৰাধীয়ে ফোন বা ভিডিঅ’ কলৰ জৰিয়তে নিজকে আৰক্ষী, চিবিআই, ইডি বা চাইবাৰ শাখাৰ বিষয়া বুলি পৰিচয় সহজ সৰল লোকক গোচৰ ৰুজু হোৱা আৰু তেওঁ ডিজিটেলভাৱে গ্ৰেপ্তাৰ হোৱা বুলি ভয় ভাবুকিৰে বৃহৎ পৰিমাণৰ ধন দাবী কৰে। ভয়ৰ পৰিৱেশ সৃষ্টি কৰি অপৰাধীয়ে কিছুমান নিৰ্দিষ্ট একাউণ্টত টকা জমা দিবলৈ বা ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিবলৈ বাধ্য কৰে।
উল্লেখযোগ্য যে, ডিজিটেল গ্ৰেপ্তাৰ বুলি কোনো আইনগত ব্যৱস্থা ভাৰতত নাই আৰু এই ধৰণৰ ফোন বা দাবী সম্পূৰ্ণভাৱে প্ৰবঞ্চনা।
এই ধৰণৰ ফোন আহিলে তৎক্ষণাৎ আৰক্ষীক খবৰ দিবলৈ আৰু কোনো ধৰণৰ ধন বা তথ্য শ্বেয়াৰ নকৰিবলৈ নাগৰিকক সতৰ্ক কৰে আৰক্ষীয়ে।
লগতে পঢ়কঃ চীনত নিৰ্মিত পিষ্টলসহ আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত

