নগাঁওঃ সাধাৰণ লোকক বিভিন্ন সময়ত প্ৰবঞ্চনা কৰি ধন আত্মসাৎ কৰি আহিছে একাংশ প্ৰবঞ্চক চক্ৰ তথা চাইবাৰ অপৰাধীয়ে (Nagaon DC Fake Account Scam)। কিন্তু এইবাৰ এগৰাকী আই এ এছ বিষয়াৰ নামত ধন দাবী কৰিবলৈ মৰসাহ গোটাইছে এনে এটা চক্ৰই।
বিভিন্ন সামাজিক কাম জড়িত থকা আই এ এছ বিষয়া তথা বৰ্তমানৰ নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নামতো এইবাৰ ভুৱা একাউণ্ট খুলি ধন দাবী কৰিছে চক্ৰটোৱে (Cyber Fraud Assam)। মেচেঞ্জাৰ, whats app আদিত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নামত ভুৱা একাউণ্ট খুলি বিভিন্নজনক মেছেজ দিয়াৰ উপৰিও দাবী কৰিছে ধন (Fake Social Media Account)।
প্ৰথমে মেছেজৰ জৰিয়তে কথা বতৰা পাতে। তাৰ পাছতেই বিভিন্ন অসুবিধাৰ অজুহাত দেখুৱাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নামত বিচাৰে আৰ্থিক সহায়। মেছেজৰ জৰিয়তে এটা নিৰ্দিষ্ট একাউণ্ট নম্বৰ দিয়া হয় য’ত ধন পঠিয়াবলৈ অনুৰোধ জনোৱা হয়। জিলা আয়ুক্তগৰাকীৰ এগৰাকী চিনাকি লোকক ধন বিচাৰোঁতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা (Nagaon Cyber Crime)।
ইতিমধ্যেই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিষয়টো অৱগত হোৱাৰ পাছতেই সামাজিক মাধ্যমৰ জৰিয়তে সকলোকে সাৱধান হবলৈ আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে (Online Money Fraud)।
এনেদৰেই এতিয়া প্ৰবঞ্চকে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক লক্ষ্য কৰি লোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
এনেদৰে জিলা আয়ুক্ত তথা এগৰাকী সমাজকৰ্মী, শিল্পী হিচাপেও পৰিচিত আই এ এছ বিষয়া দেৱাশীষ শৰ্মাৰ নামত ধন দাবী কৰা কাৰ্যৰ পাছত দেৱাশীষ শৰ্মাক বদনামী কৰাৰ চেষ্টা কৰা বুলি একাংশই চর্চা কৰাৰ বিপৰীতে দেৱাশীষ শৰ্মাৰ নামত প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ লক্ষ্যৰে এনে কাৰ্য্য কৰা বুলিও আন একাংশই চর্চা কৰিছে।
চক্ৰটোৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহনৰো দাবী জনাইছে নগঞা ৰাইজে।
লগতে পঢ়কঃ সত্ৰীয়া সাজত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
