Nagaon Rental Verification Crisis: Are Rental Houses and Hotels Becoming Safe Havens for Criminals in Nagaon?অপৰাধীৰ আশ্ৰয়স্থল হৈ পৰিছে নেকি নগাঁৱৰ একাংশ হোটেল অথবা একাংশ ভাড়াঘৰ

নগাঁওঃ অপৰাধীৰ আশ্ৰয়স্থল পৰিছে নেকি নগাঁৱৰ একাংশ হোটেল অথবা একাংশ ভাড়াঘৰ? নগাঁও চহৰৰ একাংশ হোটেল অথবা বিভিন্ন আবাসীক এলেকাত থকা ঘৰত ভাড়াতীয়া হিচাপে থাকিয়েই অপৰাধৰ ব্লু প্ৰিন্ট প্ৰস্তুত কৰে নেকি একাংশ সন্দেহজনক লোকে? আৰক্ষীৰ সতৰ্ক দৃষ্টিৰ পৰা হাত সাৰিবলৈ এই হোটেল অথবা ভাড়াঘৰকেই (Nagaon Rental Verification Crisis)সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰি আহিছে নেকি অপৰাধীয়ে? শেহতীয়াকৈ আৰক্ষীৰ গুলীত কুখ্যাত ডকাইত খাইৰুল আলী নিহত হোৱাৰ পিছতেই এই সন্দেহ সমূহ নগাঁৱৰ সচেতন জনতাৰ মনত উদ্ৰেক হৈছে ।

উল্লেখযোগ্য যে, ২৫ মে’ৰ নিশা আৰক্ষীৰ গুলীত নিহত হোৱা কুখ্যাত ডকাইত মণি ওৰফে খাইৰুল আলিয়ে নগাঁৱৰ‌ ‘ষ্টাৰ’ নামৰ এখন হোটেলত থাকি ডকাইতিৰ পৰিকল্পনাবোৰ বাস্তৱায়িত কৰিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে সংবাদ মাধ্যমৰ আগত কালি এই কথা সদৰী কৰি কৈছিল যে, ষ্টাৰ হোটেলতেই একত্ৰিত হৈ বিভিন্ন অপৰাধমূলক ঘটনাৰ পৰিকল্পনা কৰিছিল কুখ্যাত ডকাইতৰ দলটোৱে। যিটো ডকাইতৰ দলে মৰিকলঙৰ চিকিৎসক দম্পতীক আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা ভূঞা শইকীয়াৰ মৃত্যু হৈছিল।

এনেক্ষেত্ৰত নগাঁৱৰ হোটেল অথবা ভাড়া ঘৰ সমূহ কিমান সুৰক্ষিত এই প্ৰশ্ন উত্থাপিত হৈছে। তাৎপৰ্যপূৰ্ণ যে নগাঁও চহৰৰ দ্ৰুত কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক বৃদ্ধিয়ে আৱাসিক ভাড়াঘৰৰ বজাৰখনত এক অভূতপূৰ্ব জোৱাৰ আনিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী, কৰ্মজীৱী লোক আৰু পৰিয়াল নিজৰ প্ৰয়োজনত এই চহৰখনলৈ আহে। কিন্তু এই ক্ৰমবৰ্ধমান গৃহ নিৰ্মাণ খণ্ডৰ অন্তৰালত গঢ়ি উঠিছে এক বৃহৎ, অনিয়ন্ত্ৰিত আৰু অবৈধ ক’লা বজাৰ। নগাঁও চহৰৰ একাংশ ঘৰমালিকে স্থানীয় প্ৰশাসন বা আৰক্ষীক কোনো ধৰণৰ তথ্য নিদিয়াকৈ সম্পূৰ্ণ অবৈধভাৱে এই লাভজনক ভাড়াঘৰৰ ব্যৱসায় চলাই গৈছে বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত কেৱল চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুওৱাই নহয়, বৰং ই সমাজত অপৰাধমূলক কাৰ্যকলাপৰ এক সুৰক্ষিত আশ্ৰয়স্থলো হৈ পৰাৰ আশংকা কৰিছে সচেতন লোকে।

এই অনিয়ন্ত্ৰিত ভাড়াঘৰৰ ব্যৱসায়ৰ আটাইতকৈ চিন্তনীয় দিশটো হ’ল—ভাৰাতীয়াৰ বাধ্যতামূলক আৰক্ষী ভেৰিফিকেচন প্ৰক্ৰিয়াটোক সম্পূৰ্ণ ভেঙুচালি কৰা। প্ৰচলিত আইন অনুসৰি, প্ৰতিগৰাকী ঘৰমালিকে নিজৰ ভাৰাতীয়াৰ সম্পূৰ্ণ পৰিচয় আৰু তথ্য স্থানীয় আৰক্ষী থানাত জমা দিয়াটো আইনীভাৱে বাধ্যতামূলক। কিন্তু নগাঁও চহৰত এই নিয়মক অৱজ্ঞা কৰাৰ অভিযোগ উঠিছে। অধিকাংশ ঘৰমালিকে ভাৰাতীয়াৰ কোনো সঠিক পৰিচয় পত্ৰ পৰীক্ষা নকৰাকৈ আৰু আৰক্ষীক অৱগত নকৰাকৈয়ে ঘৰ ভাড়া দিয়াৰো অভিযোগ উঠিছে। এই প্ৰশাসনিক শিথিলতাই জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। আৰক্ষীৰ চকুৰ অগোচৰে থকাৰ বাবে এনে ভাড়াঘৰসমূহ সমাজবিৰোধী উপাদান, ড্ৰাগছ সৰবৰাহকাৰী, চাইবাৰ অপৰাধী বা অন্যান্য অপৰাধীৰ আশ্ৰয়স্থল হৈ পৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। তদুপৰি কোনো ভাৰাতীয়াই অপৰাধ সংঘটিত কৰি পলায়ন কৰিলে, স্থানীয় প্ৰশাসন বা আৰক্ষীৰ হাতত তেওঁলোকৰ কোনো তথ্য বা কাগজ-পত্ৰ নাথাকে, যাৰ ফলত তদন্ত প্ৰক্ৰিয়া ব্যাহত হয়। নগাঁৱৰ দৰে এখন ক্ৰমবৰ্ধমান চহৰত এনে অনিয়ন্ত্ৰিত পৰিৱেশে যিকোনো সময়তে ডাঙৰ বিপদ মাতি আনিব পাৰে।

একেদৰে নগাঁও চহৰৰ হোটেল সমূহতো অপৰাধীয়ে আশ্ৰয় লোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। উল্লেখযোগ্য যে কেৱল সুৰক্ষাৰ দিশতেই নহয়, এই ভাড়াঘৰৰ মালিকসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ বিভাগকো এক ডাঙৰ প্ৰতাৰণা কৰি আহিছে। নগাঁও চহৰৰ বহু ঘৰমালিকে ভাৰাতীয়াৰ পৰা ভাড়াৰ ধন কেৱল নগদ ধনেৰে ল’বলৈ হেঁচা প্ৰয়োগ কৰে। ডিজিটেল পেমেণ্ট, চেক বা বেংক ট্ৰান্সফাৰ এৰাই চলি তেওঁলোকে কোনো ধৰণৰ আৰ্থিক প্ৰমাণ নাৰাখে। এই চতুৰালিৰ জৰিয়তে তেওঁলোকে আয়কৰ বিভাগৰ ওচৰত নিজৰ ভাড়াঘৰৰ পৰা হোৱা প্ৰকৃত আয় সম্পূৰ্ণৰূপে লুকুৱাই ৰাখে বা অতি কম কৰি দেখুৱায়। একেদৰে এই ব্যৱসায়সমূহ অফিচিয়েল নোহোৱাৰ বাবে নগাঁও পৌৰসভাক দিবলগীয়া প্ৰকৃত সম্পত্তি কৰৰ পৰাও তেওঁলোক সাৰি যায়।

এফালে যি সময়ত একাংশ সৎ নাগৰিকে কষ্টোপাৰ্জিত ধনৰ আয়কৰ নিয়মীয়াকৈ দি আছে, আনফালে এইসকল ঘৰমালিকে চৰকাৰৰ চকুৰ সমুখতে কোনো কৰ নিদিয়াকৈ লাখ লাখ টকা মুনাফা লাভ কৰি এক সমান্তৰাল ক’লা অৰ্থনীতি চলাই গৈছে। দুৰ্নীতি আৰু আইনহীনতাৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা অসমৰ নতুন বিজেপি নেতৃত্বাধীন চৰকাৰখনে সদায় স্বচ্ছতা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব দি আহিছে। এনে সময়ত নগাঁও চহৰৰ এই অনিয়ন্ত্ৰিত আৰু অবৈধ ভাড়াঘৰৰ ব্যৱসায়ৰ ওপৰত প্ৰশাসনে কঠোৰ দৃষ্টি নিক্ষেপ কৰা উচিত বুলিও সচেতন মহলে মন্তব্য কৰিছে। নগঞা সচেতন মহলে বিচাৰে নগাঁও জিলা প্ৰশাসনে এক সময়সীমা নিৰ্ধাৰণ কৰি সকলো ঘৰ মালিকৰ বাবে ভাড়াঘৰ পঞ্জীয়ন কৰা আৰু ভাৰাতীয়াৰ তথ্য আৰক্ষীৰ ওচৰত জমা দিয়াটো বাধ্যতামূলক কৰিব লাগে।

আয়কৰ বিভাগে নগাঁৱৰ ডাঙৰ ডাঙৰ আৱাসিক অট্টালিকাসমূহৰ ওপৰত চকু ৰাখিব লাগে আৰু নগদ ধনৰ জৰিয়তে উপাৰ্জন কৰা মালিকসকলৰ সম্পত্তি অডিট কৰিব লাগে বুলিও দাবী কৰে নগঞা সচেতন মহলে। আৱাসিক এলেকাত অবৈধভাৱে চলি থকা বাণিজ্যিক ভাড়াঘৰৰ বিষয়ে সচেতন নাগৰিকে যাতে গোপনীয়ভাৱে অভিযোগ কৰিব পাৰে, তাৰ বাবে এটা বিশেষ ডিজিটেল প’ৰ্টেল বা হেল্পলাইন নম্বৰ মুকলি কৰিব লাগে।

নগাঁৱৰ জনসাধাৰণৰ নিৰাপত্তা আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ—উভয় দিশৰ বাবে এক নিয়ন্ত্ৰিত ভাড়াঘৰৰ বজাৰ অতি প্ৰয়োজনীয়।

লগতে পঢ়কঃ আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম মূল অভিযুক্ত খাইৰুল


Advertisement