Online Gaming Trap: Assam Minor Lured and Abducted by Youth Met in Gameঅনলাইন গেম খেলি অসমৰ কিশোৰী পলুৱাই নি আৰক্ষীৰ জালত বহিঃৰাজ্যৰ যুৱক

নগাঁওঃ অনলাইনত গেম খেলিলে সদায় হওক সাৱধান। কিয়নো অনলাইন গেমে মাতিব পাৰে বিপদ। আপোনাৰ সন্তানেও যদি মোবাইলত ব্যস্ত, অনলাইন গেমত ব্যস্ত তেন্তে নজৰ দিয়ক আপুনি। নহলে পৰিব পাৰে বিপদত। অনলাই গেম খেলি বিপদত পৰিছে নগাঁৱৰ এগৰাকী কিশোৰী (Online Gaming Trap)।

অনলাইনত গেম খেলিয়েই কিশোৰীগৰাকী চিনাকি হৈছিল বহিঃৰাজ্য উত্তৰ প্ৰদেশৰ এজন যুৱকৰ সৈতে। অনলাইন গোমৰ জড়িয়তেই চিনাকি হোৱা নগাঁৱৰ শালনাৰ কিশোৰীগৰাকীক প্ৰলোভনেৰে পলুৱাই লৈ গৈছিল উত্তৰ প্ৰদেশৰ যুৱকে। অনলাইন গেমৰ জড়িয়তেই কিশোৰীক জালত পেলোৱাৰ চেষ্টা কৰা বহিঃৰাজ্যৰ যুৱকজনক জালত পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষী। অনলাইন গেম খেলি প্ৰেমৰ চলনাৰে নাবালিকাক পলুৱাই নি ৰঙা ঘৰৰ আলহী হ’ল বহিঃ ৰাজ্যৰ যুৱক। অসমৰ নগাঁৱৰ নাবালিকাক পলুৱাই নিয়া উত্তৰপ্ৰদেশৰ চামছাদ আলমো জালত পৰে নগাঁও আৰক্ষীৰ।

অনলাইন গেমৰ জৰিয়তে চিনাকি হৈ উত্তৰ প্ৰদেশৰ চামছাদ আলমে চামগুৰিৰ শালনাৰ নাবালিকাক প্ৰলোভন দি নিছিল পলুৱাই। ২০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ থকা শালনাৰ নাবালিকাক শালনা আৰক্ষী পহৰা চকীৰ উপ পৰিদৰ্শক অমিত প্ৰীতম দাসৰ নেতৃত্বত ৰিন্টো বৰা সহ যোৱা এটা আৰক্ষী দলে মধ্যপ্ৰদেশৰ ইটাৰচিত আত্মগোপন কৰি থকা উত্তৰপ্ৰদেশৰ যুৱক চামছাদ আলমক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বহিঃ ৰাজ্যত নাবালিকাক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল আভিযুক্ত চামছাদ আলমে।

সম্প্ৰতি চামছাদ আলমক চামগুৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

অৱশ্যে অভিযুক্ত উত্তৰপ্ৰদেশৰ যুৱক চামছাদ আলমৰ পৰা লাভ কৰা তথ্য সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।

লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ জালত চিকিৎসক পৰিয়ালক আক্ৰমণ কৰি লুটপাত কৰা ডকাইত


Advertisement