লক্ষ্য ৰূপহীহাটঃ জনতাৰ পৰা সংবাদ মাধ্যমলৈকে সন্তুষ্ট ৰখাৰ চেষ্টা দুই বিধায়কৰ

নগাঁওঃ ২০২৬ চনৰ ৰূপহীহাট বিধান সভা সমষ্টিৰ নিৰ্বাচনকলৈ তুমুল প্ৰতিদ্বন্দিতা আৰম্ভ হৈছে দুই বিধায়ক নুৰুল হুদা আৰু আমিনুল ইছলামৰ মাজত। বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ স্বাৰ্থতে জনসাধাৰণৰ পৰা ধৰি সংবাদ মাধ্যমলৈকে সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে দুই জন বিধায়কে (Rupahihat Assembly Election 2026)।

উল্লেখযোগ্য যে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ২০১৬ আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ পৰা বিজয়ী হৈছিল। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত হুদাই ৭২ হাজাৰৰো অধিক ভোট লাভ কৰি বিজয়ী হৈছিল। পৰাজিত হৈছিল এ আই ইউ ডি এফ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী। ২০২১ চনৰ বিধান সভা নিৰ্বাচনত হুদাই পুনৰ ১ লাখ ৩২ হাজাৰ ৯১ টা ভোট লাভ কৰি বিজয়ী হৈছিল‌ । তেওঁ বিজেপি প্ৰাৰ্থীজনক প্ৰায় ১ লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল (Rupahihat Politics)।

ইপিনে ধিং বিধান সভা সমষ্টিৰ পৰা ২০১১ চনৰ পৰা একেৰাহে তিনিবাৰ বিজয়ীহৈ আহিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম। ২০১১ চনৰ বিধান সভা নিৰ্বাচনত প্ৰায় ৭২ হাজাৰৰো অধিক ভোট, ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত প্ৰায় ৮২ হাজাৰৰো অধিক ভোট আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ১ লাখ ৪৫ হাজাৰৰো অধিক ভোট লাভ কৰি আমিনুল ইছলাম বিজয়ী হৈছিল। শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ধিং সমষ্টিৰ বহু অংশ ৰূপহীহাট সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ধিঙৰ পৰিবৰ্তে ৰূপহীহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে আমিনুল ইছলামে (Aminul Islam AIUDF) । স্বাভাৱিকতে সেয়ে ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচন সমষ্টিটোত আকৰ্ষণীয় হৈ উঠিব।

দুয়োজন প্ৰতিদ্বন্দীয়ে ভোটাৰক আকৰ্ষিত কৰিবলৈ অনুৰূপ কাৰ্য কৰা দেখা গৈছে। বিধায়ক আমিনুল ইছলাম কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ সপক্ষে থিয় হোৱাৰ প্ৰায় সমানে সমানে নুৰুল হুদাইও তেওঁলোকৰ খবৰ লৈ সপক্ষত থিয় দিয়ে। একেদৰে চামগুৰি সমষ্টিৰ ভকতগাঁৱৰ উচ্ছেদৰ প্ৰসংগতো দুয়োজন বিধায়ক প্ৰায় সমানেই সৰৱ হোৱা দেখা গ’ল । বিধায়ক ইছলামে মুছলমান হোৱা বাবে চৰকাৰে আক্ৰোশমূলকভাবে উচ্ছেদ কৰা বুলি ক্ষোভ উজাৰিছিল। বিধায়ক হুদাইও সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত ৰূপহীহাট সমষ্টিৰ পৰা কাটি যোৱা বৰ্তমান চামগুৰি সমষ্টিৰ ভকতগাঁৱত অসম চৰকাৰে চলোৱা উচ্ছেদক অমানবীয় আখ্যা দিয়ে (Nurul Huda Congress)।

অন্যহাতেদি বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিচত নগাঁৱৰ আয়ুক্তই ১৫ গৰাকী লোকক বহিস্কাৰৰ নিৰ্দেশ দিয়াৰ পিচত সেই সকলৰ সপক্ষে সামাজিক মাধ্যমত লিখি তেওঁলোকে নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে আদালতত আবেদন কৰাৰ সুবিধা যাতে পায় সেই দাবী উত্থাপন কৰিছিল বিধায়ক হুদাই। আনকি তেওঁ নগাঁও জিলাৰ আয়ুক্তই সেই সকলক নিজৰ নাগৰিকত্ব প্ৰমাণৰ সুযোগ নিদিয়াকৈ তাৎক্ষণিক ভাৱে বিতাড়ণ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰে।
হুদাৰ সমান্তৰাল ভাবে বিধায়ক আমিনুল ইছলামেও এই ১৫ জন বিদেশী ঘোষিত নাগৰিকৰ সপক্ষত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি মন্তব্য কৰে।

কেৱল সিমানেই নহয়, সংবাদ মাধ্যমকো সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে দুই বিধায়কে দেওবাৰে বিধায়ক নুৰুল হুদাই সাংবাদিকক সম্বৰ্ধনা তথা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ সমান্তৰালভাবে বিধায়ক আমিনুল ইছলামেও পৃথকে এটা অনুষ্ঠান পাতি সাংবাদিকক সম্বৰ্ধনা জনায়। অৱশ্যে বিধায়ক হুদাই সাংবাদিকক সম্বৰ্ধনা জনোৱা ফটো সামাজিক মাধ্যমৰ নিজৰ পেজত আপলোড কৰি ব্যাপক প্ৰচাৰ চলোৱাৰ বিপৰীতে বিধায়ক আমিনুল ইছলামে সাংবাদিকক সম্বৰ্ধনা জনালেও তেনেদৰে প্ৰচাৰ চলোৱা নাই।

মুঠৰ ওপৰত দুয়োজন বিধায়কেই ২০২৬ চনৰ বিধান সভা নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতেই ধৰ্মীয় সংখ্যালঘু লোকৰ ত্ৰাণ কৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ সমান্তৰালভাবে জনতাৰ পৰা সংবাদ মাধ্যমলৈকে সন্তুষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ পূৰ্বে দুয়োজনৰ মাজত চলা এই প্ৰতিদ্বন্দিতাত কোন বিজয়ী হয় ২০২৬ চনৰ নিৰ্বাচনী ফলাফলেহে ইয়াৰ উত্তৰ দিব।

লগতে পঢ়কঃ বিজেপিত আছে কংগ্ৰেছৰ এজেণ্ট!


Advertisement