Form 7 Bankura case 4000 Form 7 recovered from BJP vehicleপশ্চিমবংগৰ বাংকুড়াত ৰাজনৈতিক চাঞ্চল্য

নেশ্যনেল ডেস্কঃ কংগ্ৰেছকে ধৰি দেশৰ প্ৰধান বিৰোধী দল সমূহে বিজেপিৰ বিৰুদ্ধে ভোট চুৰি তথা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত বিজেপি বিৰোধী ভোট কৰ্তনৰ চক্ৰান্ত চলোৱা বুলি অভিযোগ অনাৰ সময়তে পশ্চিম বংগত বিজেপি নেতাৰ গাড়ীত ৪ হাজাৰ ফৰ্ম ৭ উদ্ধাৰ হয়। ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। পশ্চিম বংগৰ বাংকুড়া জিলাৰ খাট্ৰা মহকুমাত এই ঘটনা সংঘটিত হৈছে। – Form 7 Bankura

কি এই ফৰ্ম ৭

ভোটাৰ তালিকাত কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰাত বিৰোধিতা কৰিবলৈ, মৃত বা স্থানান্তৰিত ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিবলৈ ফৰ্ম ৭ ব্যৱহাৰ হয়।

কি ঘটিছিল ঘটনাটোঃ

মংগলবাৰে পশ্চিম বংগৰ বাংকুড়াৰ খাট্ৰা এলেকাত বিজেপি নেতাৰ গাড়ীৰ পৰা ৪ হাজাৰ ফৰ্ম ৭ উদ্ধাৰ হয়। স্থানীয় তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ গাড়ীখন দেখি সন্দেহ হোৱাত গাড়ীখন আটক কৰে । গাড়ীখনৰ পৰা ফৰ্ম ৭ উদ্ধাৰ হয়। আৰক্ষীক খবৰ দিয়া হয় যদিও তিনিজনে পলায়ন কৰে। আৰক্ষীয়ে ২ জনক আটক কৰে। তৃণমূল কংগ্ৰেছে দাবী কৰা মতে গাড়ীখনত থকা পাঁচোজন লোকেই স্থানীয় বিজেপি নেতা।

মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়াঃ

ঘটনা সম্পৰ্কত উদ্ধাৰ হোৱা ফৰ্ম ৭ ৰ ফটো সাংবাদিকক দেখুৱাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, “বৰ্তমান পৰিস্থিতি এনেকুৱাই। এনেদৰেই ভোটাৰ তালিকাৰ পৰা বৈধ ভোটাৰৰ নাম বাদ দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছে। “

ইপিনে তৃণমূল কংগ্ৰেছৰ বাংকুড়া সাংগঠনিক জিলাৰ সভাপতি তাড়াশংকৰ ৰায়ে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনক উচিত তদন্তৰ দাবী জনাইছে।

তৃণমূল কংগ্ৰেছৰ বিধায়িকা জ্যোৎস্না মাণ্ডি এ কয় ,” গণতন্ত্ৰক দুৰ্বল কৰাৰ চেষ্টা চলিছে। আদিবাসী তথা প্ৰান্তীয় এলেকাৰ মানুহৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ চলিছে। আমি বিচাৰো উপযুক্ত তদন্তৰে দোষীক গ্ৰেপ্তাৰ কৰক।”

বিজেপিৰ অস্বীকাৰঃ

তৃণমূল কংগ্ৰেছৰ অভিযোগ বিজেপিৰ নেতা সকলে অস্বীকাৰ কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সুভাষ চৰকাৰেও কয়, ” পূৰ্বতে দায়িত্বত থকা বিষয়াসকলে এই ফৰ্ম ৭ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত দলৰ বুথ-স্তৰৰ এজেণ্টসকলে আইনগতভাৱে সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ ওচৰত ফৰ্ম-৭ আপত্তিসমূহ দাখিল কৰিব নিছিল। আমাৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰা হৈছে, ফৰ্মসমূহ কাঢ়ি লৈ যোৱা হৈছে ।”

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যইও X ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তেওঁ উল্লেখ কৰিছে, “আজিৰ দিনটোত বাংকুৰাত যি ঘটিছে সেয়া ৰাজনীতি নহয়, বৰঞ্চ গণতন্ত্ৰৰ হত্যা হৈছে। খাট্ৰা মহকুমা বিষয়াৰ কাৰ্যালয়ৰ ওচৰত অবৈধ ভোটাৰৰ নাম বাতিল কৰিবলৈ ফৰ্ম-৭ লৈ গৈ থকা এজন বিজেপি কাৰ্যকৰ্তাক অপহৰণ কৰা হৈছে।”

তেওঁ লগতে উল্লেখ কৰে, “সংবিধানে অনুমতি দিয়া কাম কৰাৰ বাবেই এই অপহৰণ ? আইনগত অধিকাৰ ব্যৱহাৰ কৰাৰ বাবেই আৰু নিৰ্বাচন আয়োগৰ নিয়ম-কানুন মানি চলাৰ বাবেই এনে কাৰ্যনে ? তেন্তে আইনৰ শাসন ক’ত? নিজৰ আৰক্ষী থানাতেই প্ৰৱেশ কৰিব নোৱাৰা অৱস্থা।

প্ৰায় ষাঠিজন টিএমচি কেডাৰে এখন আৰক্ষী থানাৰ ভিতৰতে শিবিৰ পাতি আছে। প্ৰৱেশ পথ বন্ধ কৰি সুৰক্ষাৰ বাবে থকা স্থানটোক ভয় দেখুওৱাৰ দলীয় কাৰ্যালয়লৈ ৰূপান্তৰিত কৰিছে। আমাৰ স্থানীয় নেতৃত্বই অভিযোগ দাখিল কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকক বাধা দিয়া হয়। টিএমচিৰ শাসনত আৰক্ষী থানাসমূহ ৰাজনৈতিক বাঙ্কাৰলৈ পৰিণত হৈ পৰিছে নেকি?”

মালৱ্যই X ত লগতে উল্লেখ কৰে, “এইয়াই টিএমচি শাসনৰ প্ৰকৃত স্বৰূপ। কাৰ্যকৰ্তাক অপহৰণ কৰা, প্ৰক্ৰিয়া দখল কৰা, আৰক্ষীক মুখ বন্ধ কৰি দিয়া আৰু গণতন্ত্ৰক নীৰৱ কৰিবলৈ ভয় দেখুওৱা। কিন্তু স্পষ্টকৈ কৈছো, বিজেপি কেতিয়াও শিৰ নত নকৰে। বংগক ভয় দেখুওৱা নাযায়, আৰু দলৰ কাৰ্যকৰ্তাসকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব।
যদি টিএমচিয়ে ভাবে যে বলপ্ৰয়োগৰ দ্বাৰা সংবিধানক পৰাজিত কৰিব পাৰিব, তেন্তে তেওঁলোকে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰি লৈছে। বিজেপিয়ে কেতিয়াও টিএমচিক গণতন্ত্ৰ পদদলিত কৰিবলৈ নিদিয়ে। ২০২৬ চনৰ নিৰ্বাচন মানে বংগক ৰক্ষা কৰাৰ যুঁজ।”

লগতে পঢ়ক: হিজাব পৰিধান কৰা কণ্যা ভাৰতৰ প্ৰধানমন্ত্ৰী হবঃ আছাদুদ্দিন ওৱেইছীৰ সপোন; মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া


Advertisement