Rezaul Karim Sarkar Quits Congress Within a Week of Joiningযোগদান কৰিয়েই কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ

গুৱাহাটীঃ অৱশেষত কংগ্ৰেছ দলৰ পৰাই পদত্যাগ কৰিলে আমছু ত্যাগী ৰেজাউল কৰিম চৰকাৰে (Rezaul Karim Sarkar Congress Exit)। আমছুৰ সভাপতিৰ পদ ত্যাগ কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰকমুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰিছিল প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম চৰকাৰে (Assam Congress Politics)।

বিগত দেওবাৰে গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰিয়েই ধুবুৰী, শিৱসাগৰক একাকাৰ কৰি কৰা এটা মন্তব্যক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল ৰাজ্যৰ ৰাজনৈতিক মহলত (Rezaul Karim Sarkar Controversy)। কেৱল ৰাজনৈতিক মহলতেই নহয়, উজনি অসমৰ দল সংগঠন গৰজি উঠিছিল ন কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যৰ বিৰুদ্ধে।

ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ পাছত ৰাজহুৱা ক্ষমা বিচাৰিছিল সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰে। কিন্তু শেহতীয়াকৈ ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলৰেই এটা মহল ক্ষুণ্ণ হৈ মন্তব্য কৰাৰ পাছত দলটোত যোগদানৰ এটা সপ্তাহ নৌহওতেই দলটো ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিল ৰেজাউল কৰিম চৰকাৰ (Congress Internal Conflict Assam)।

মঙলবাৰে ৰেজাউল কৰিম চৰকাৰক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আখ্যা দি কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কৰা মন্তব্যৰ পাছতেই কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰেজাউল কৰিম চৰকাৰে (Himanta Biswa Sarma Agent Remark)।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে কৰা মন্তব্য পাছত কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰে ৰেজাউল কৰিম চৰকাৰে।

কংগ্ৰেছ দলত যোগদান কৰাৰ এটা সমপ্তাহৰ ভিতৰতেই দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰা বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত।

লগতে পঢ়কঃ আমছু ত্যাগী ন কংগ্ৰেছী ৰেজাউল কৰিম সঁচাকৈ হিমন্তৰ এজেন্ট নেকি ?


Advertisement