নগাঁওঃ সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ ১৬তম দ্বি-বাৰ্ষিক সাধাৰণ সভা তথা অধিবেশন শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত অনুষ্ঠিত হয় (All Assam Gaon Panchayat Secretary Conference)। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা পঞ্চায়ত সচিব সন্থাৰ বাৰ্ষিক অধিবেশনৰ শনিবাৰে সফলভাৱে সামৰণি পৰে। নগাঁও জিলা গাঁও পঞ্চায়ত সচিব সন্থাৰ আতিথ্য আৰু সহযোগত আয়োজিত এই বৰ্ণাঢ্য অধিবেশনত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা বহু সংখ্যক গাঁও পঞ্চায়ত সচিবে অংশগ্ৰহণ কৰে।
অধিবেশনখনিৰ প্ৰথম দিনা প্ৰতিনিধি সভাৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা, সংগঠনক অধিক শক্তিশালী কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে গাঁও পঞ্চায়ত সচিবসকলৰ সমস্যা-প্ৰত্যাহ্বান আৰু দাবীসমূহ উত্থাপন কৰা হয়। এই অধিবেশনখনিৰ দ্বিতীয় তথা অন্তিম দিনা অনুষ্ঠিত হয় ‘মুকলি সভা। সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
অধিবেশনৰ মুকলি সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তৃণমূল পৰ্যায়ৰ উন্নয়ন আৰু সুশাসন ব্যৱস্থাত গাঁও পঞ্চায়ত সচিবসকলৰ অপৰিহাৰ্য ভূমিকাৰ কথা উল্লেখ কৰে। ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে কয়, “গাঁও পঞ্চায়ত হৈছে গ্ৰাম্য উন্নয়নৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ। এই ব্যৱস্থাক কাৰ্যকৰী কৰি তুলিবলৈ পঞ্চায়ত সচিবসকলৰ নিষ্ঠা, সততা আৰু জনসেৱাৰ মানসিকতা অত্যন্ত প্ৰয়োজনীয়।” লগতে সকলো গাঁও পঞ্চায়ত সচিবক দায়িত্ববোধৰ লগতে আন্তৰিকতাৰে জনসেৱা আগবঢ়াবলৈ আহ্বান জনায় জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ সভাপতি ইমতিয়াজুল ইছলামৰ লগতে সাধাৰণ সম্পাদক দীপক কুমাৰ হাজৰিকাই সংগঠনৰ কৰ্মসূচী, লক্ষ্য আৰু ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে বক্তব্য ৰাখে। তেওঁলোকে গাঁও পঞ্চায়ত সচিবসকলৰ স্বাৰ্থ ৰক্ষাৰ লগতে প্ৰশাসনিক ব্যৱস্থাত তেওঁলোকৰ ভূমিকা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অধিবেশনখনি সুচাৰুৰূপে পৰিচালনা কৰাত অভ্যর্থনা সমিতিৰ সভাপতি গৌৰী শংকৰ বৰা আৰু সম্পাদক ৰোহিনী তামূলীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। তেওঁলোকৰ লগতে সমগ্ৰ অভ্যর্থনা সমিতিয়ে অতিথিসকলৰ আতিথ্য, কাৰ্যসূচীৰ সফল বাস্তৱায়ন আৰু শৃঙ্খলাবদ্ধ আয়োজনৰ ক্ষেত্ৰত প্ৰশংসনীয় দায়িত্ব পালন কৰে।
শেষত সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ ১৬ তম দ্বি-বাৰ্ষিক অধিবেশনখনি সংগঠনটোক অধিক শক্তিশালী কৰাৰ লগতে গাঁও পৰ্যায়ৰ উন্নয়ন যাত্ৰাক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে সন্থাৰ প্ৰতিনিধিসকলে।
লগতে পঢ়কঃ Batadrava Cultural Project: ১ ফেব্ৰুৱাৰীত দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প
