মৰিগাঁওঃ পাহাৰৰ ওপৰৰ নিভাঁজ প্ৰাকৃতিক পৰিৱেশ। এনে এক পৰিৱেশতে অনুষ্ঠিত হৈছে নাট মহোৎসৱ (Koina Kanda Shil Nat Mahotsav)। মৰিগাঁৱৰ সাংস্কৃতিক অনুষ্ঠান শ্বলংকিৰিৰ উদ্যোগত আধুনিক কাৰিকৰিৰ বিপৰীতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আয়োজন কৰিছে নাট মহোৎসৱৰ (Assamese theatre festival)।
সাংস্কৃতিক অনুষ্ঠান শ্বলংকিৰিৰ উদ্যোগত কইনা কান্দা শিলত আয়োজিত নাট মহোৎসৱত শনিবাৰে বিয়লি প্ৰখ্যাত অভিনেত্ৰী তথা নাট্যকৰ্মী পাকিজা বেগমে পৰিচালনা, পৰিকল্পনা আৰু অভিনয়ৰ দায়িত্ব একেলগে লৈ মঞ্চস্থ কৰিছে পদ্মপ্ৰিয়া নামৰ নাটখন (Padmapriya natak)।
এই নাটখন অসমৰ বিখ্যাত সাহিত্যিক মামনি ৰায়চম গোস্বামীৰ উপন্যাসৰ আধাৰত ৰচিত। উপন্যাসখনত কইনা কান্দা পাহাৰৰ প্ৰাকৃতিক অপৰূপ সৌন্দৰ্যৰ লগতে ইয়াৰ চাৰিওফালে লুকাই থকা কিছুমান ঐতিহাসিক, লোককথা আৰু সামাজিক ঘটনাৰ গভীৰ চিত্ৰণ আছে। কইনা কান্দা শিলৰ কিংবদন্তি আৰু প্ৰবাদ-পৰম্পৰাক লৈ এই নাটকে প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্ক, আৱেগ, দুখ-সুখ আৰু ঐতিহ্যৰ সুন্দৰ সমন্বয় ঘটাই তুলিছে। পাহাৰৰ শিখৰত প্ৰাকৃতিক পৰিৱেশৰ মাজতে মঞ্চস্থ কৰা এই নাটকে উপস্থিত দৰ্শকক আপ্লুত কৰিছে।

নাটকখনৰ বিশেষত্ব হৈছে যে, পাকিজা বেগমে এককভাৱে সকলো চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ একক অভিনয়ৰ জৰিয়তে বিভিন্ন চৰিত্ৰৰ আৱেগ, সংঘাত আৰু কাহিনীৰ গভীৰতা অতি সুন্দৰকৈ ফুটাই তুলিছে। এনে একক প্ৰদৰ্শন অতি দক্ষতা আৰু নিষ্ঠাৰ প্ৰয়োজন হয়, আৰু পাকিজা বেগমে তাৰ পূৰ্ণ প্ৰমাণ কৰি দেখুৱাইছে।
পাহাৰৰ ওপৰত থকা মুক্ত মঞ্চত মঞ্চস্থ হোৱা নাটকখন শতাধিক দৰ্শকে উপভোগ কৰিছে। শ্বলংকিৰি সংগঠনৰ এই উদ্যোগে স্থানীয় সংস্কৃতি, সাহিত্য আৰু নাট্যকলাক প্ৰসাৰিত কৰাৰ লগতে কইনা কান্দা অঞ্চলৰ পৰ্যটন আৰু ঐতিহ্যকো জিলিকাই তুলিছে (Shwlangkiri theatre group)। মৰিগাঁও জিলাৰ এই সাংস্কৃতিক মহোৎসৱে অসমীয়া নাট্য জগতত নতুন মাত্ৰা সংযোগ ঘটোৱা বুলি স্থানীয় লোকে দাবী কৰিছে (Marigaon cultural event)।
লগতে পঢ়কঃ জুবিন গাৰ্গৰ গীতৰ আধাৰত মঞ্চস্থ শিশু নাট ‘পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই’
