হোজাই: হোজাই জিলাৰ মোৰাঝাৰত পৃথক পৃথক পথ দুৰ্ঘটনাত চাৰিজন যুৱকৰ কৰুণ মৃত্যু হোৱাৰ লগতে এজন যুৱক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। – Hojai Road Accident
প্ৰাপ্ত বাতৰি মতে, হোজাই জিলাৰ মোৰাঝাৰৰ পীৰ বাজাৰ অঞ্চলত নম্বৰবিহীন এখন বাইক আৰু এ এচ-৩১ বি-১৮৫৩ নম্বৰৰ আন এখন বাইকৰ মাজত পুৱাৰ ভাগত মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ থিতাতে মৃত্যু হয়।
নিহত যুৱক দুজন ক্ৰমে দীঘলজাৰৰ হাফিজ আব্দুল আহাদ আৰু চামৰালিৰ আব্দুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজন যুৱকক ততাতৈয়াকৈ হোজাই হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয় । য’ত তেওঁৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে।
আনহাতে, সোমবাৰে নিশা হোজাই নীলবাগানত সংঘটিত আন এটা ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ মৃত্যু হয়। এই এচ-৩১ চি-০৯৩২ নম্বৰৰ এখন ট্ৰাকে এ এচ-৩১ জি-০৯৪৪ নম্বৰৰ এখন বাইকক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । বাইকখন মোৰাঝাৰৰ পৰা নীলবাগানৰ দিশে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক দুজন ৰতন দাস আৰু লক্ষীন্দ্ৰ দাস। ৰতন দাসৰ ঘৰ জোৰাপুখুৰী আৰু লক্ষীন্দ্ৰ দাসৰ ঘৰ লামডিঙত বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা দুৰ্ঘটনাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ হাতত চমজাই দিয়ে। লগতে হোজাই জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
মাত্ৰ প্ৰায় ২২ ঘণ্টাৰ ভিতৰতে সংঘটিত এই দুটাকৈ ভয়াবহ পথ দুৰ্ঘটনাত চাৰিজন যুৱকৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে। ইফালে, দীঘলজাৰৰ হাফিজ আব্দুল আহাদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে এই আই ইউ ডি এফ প্ৰধান তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে। লগতে প্ৰয়োজন অনুসৰি তেওঁলোকৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ আশ্বাসো প্ৰদান কৰে আজমলে।
লগতে পঢ়ক : বছৰৰ অন্তিমটো দিনত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ১১ গৰাকী লোক

