কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত ৬ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছে ফুটবল প্ৰতিযোগিতা (Kaziranga Football Tournament 2026)।
“Bola Bola Sports for All Wildlife Forever”ৰ সহযোগত ১১ আৰু ১২ ফেব্ৰুৱাৰীত বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ অধীনস্থ গলিয়া খেলপথাৰত এখন ব্যতিক্ৰমী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।
এই অভিনৱ উদ্যোগে কাজিৰঙাৰ চাৰিওফালৰ অঞ্চলৰ যুৱ-যুৱতীক একত্ৰিত কৰাৰ লগতে ক্ৰীড়াৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।
ক্ৰীড়া আৰু সংৰক্ষণৰ অভিনৱ সমন্বয়ঃ
“Bola Bola Sports” হৈছে এক ক্ৰীড়া-কেন্দ্ৰিক উদ্যোগ। যিয়ে ফুটবলক মাধ্যম হিচাপে লৈ সামাজিক সম্পৃক্ততা, যুৱ বিকাশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অনুপ্ৰাণিত কৰে। ২০২৪ চনত জাম্বিয়াৰ Kafue National Park-ত সফলভাৱে কাৰ্যসূচী ৰূপায়ণৰ পিছত সংগঠনটোৱে এইবাৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত এই খেন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।
ইয়াৰ মূল উদ্দেশ্য হৈছে স্থানীয় ল’ৰা-ছোৱালীৰ ক্ৰীড়া প্ৰতিভা বিকাশ কৰা, প্ৰশিক্ষণ শিবিৰ আৰু ৰেফাৰী প্ৰশিক্ষণ আয়োজন কৰা, আৰু লগতে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থায়ী জীৱিকাৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰা।
যোৱা ৭ আৰু ৮ ফেব্ৰুৱাৰীত অসম বন্যপ্ৰাণী পূৱ সংমণ্ডলৰ অন্তৰ্গত অগৰাতলী খেলপথাৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ হয়। আন্তৰ্জাতিক প্ৰশিক্ষক Steffan Perkins (ইংলেণ্ড) আৰু Alberto Marco Lozano (স্পেইন)ৰ উপস্থিতিত প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰা হয়। তাৰ পিছত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে বিশ্বনাথ বন্যপ্ৰাণী বিভাগত প্ৰশিক্ষণ অব্যাহত থাকে। ২২ ফেব্ৰুৱাৰীত অসম বন্যপ্ৰাণী পূৱ সংমণ্ডলত বন্ধুত্বমূলক খেলৰ জৰিয়তে কাৰ্যসূচীৰ সামৰণি পৰিব।
খেলপথাৰত বিজয়ৰ উল্লাস: প্ৰতিযোগিতাৰ ফলাফল
যোৱা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত প্ৰতিযোগিতাত ৮টা পুৰুষ দল, ৪টা মহিলা দল আৰু ২টা অনূর্ধ্ব-১৭ (U-17) দলে অংশগ্ৰহণ কৰে। উত্তেজনাপূৰ্ণ প্ৰতিযোগিতাৰ অন্তত ফলাফলসমূহ এইদৰে ঘোষণা কৰা হয়—
পুৰুষ শাখা: বিজয়ী – বিশ্বনাথ টাউন ক্লাব; ৰানাৰ্ছ আপ – গলিয়া এফ চি।
মহিলা শাখা: বিজয়ী – উদ্দীপ্ত চৌৰা (বেদেতি); ৰানাৰ্ছ আপ – শাকমাতা চাহ বাগিচা।
অনূর্ধ্ব-১৭ শাখা: বিজয়ী – জে এন ভি শোণিতপুৰ; ৰানাৰ্ছ আপ – গলিয়া জুনিয়ৰ এফ চি।
সামৰণী অনুষ্ঠানত জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয়। প্ৰশিক্ষক ষ্টেফান পাৰ্কিন্সে কাজিৰঙাৰ লোকসকলৰ আতিথ্য আৰু সহযোগিতাক উষ্ম প্ৰশংসা কৰে। আনহাতে, আলবাৰ্টো মাৰ্কো লোজানোই উদ্যান কৰ্তৃপক্ষৰ পেছাদাৰী ব্যৱস্থাপনা আৰু খেলুৱৈসকলৰ শৃংখলাবোধৰ প্ৰশংসা কৰে।
ঐক্য আৰু সংৰক্ষণৰ বাবে ফুটবলঃ
বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ বন সংমণ্ডল বিষয়া ঋতু পৱন বৰাই ক্ৰীড়া আৰু সংৰক্ষণৰ এই সমন্বয়ক এক ব্যতিক্ৰমী আৰু উদ্ভাৱনীমূলক পদক্ষেপ বুলি অভিহিত কৰে। বিশ্বনাথ ঘাটৰ বনাঞ্চলিক বিষয়া নয়ন জ্যোতি গগৈয়ে মন্তব্য কৰে যে ফুটবল হৈছে এক বিশ্বজনীন ভাষা, যিয়ে ধৰ্ম, লিংগ, ভাষা আৰু বয়সৰ সীমা অতিক্ৰম কৰি সকলোকে একত্ৰিত কৰিব পাৰে।
এই কাৰ্যসূচীত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, বিশ্বনাথ ক্ৰীড়া সংস্থা, বিশ্বনাথ ফুটবল সংস্থা আৰু গলিয়া গাঁও উন্নয়ন সমিতিয়ে সক্ৰিয় সহযোগিতা আগবঢ়ায়। লগতে চুক চুক, WWF-India, আৰণ্যক, NextGen Coaching আৰু Pathkind Labs বিশ্বনাথে সহযোগিতা আগবঢ়ায়।
কাজিৰঙাৰ সংৰক্ষণৰ লক্ষ্য লৈ আৰম্ভ হোৱা এই ফুটবল প্ৰতিযোগিতাই প্ৰমাণ কৰিলে যে ক্ৰীড়াৰ জৰিয়তে বনাঞ্চল অথবা বণ্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা আনিব পাৰি।
নগাঁও পেৰা ক্ৰীড়া সন্থাৰ উদ্যোগত পেৰা এথলেটিক প্ৰতিযোগিতা

