Maulvi Mohammad Amir Uddin: The Pre-Independence Deputy Speaker of Assam Legislative Assemblyস্বাধীনতাৰ পূৰ্বেই অসম বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰা আমিৰ উদ্দিনৰ বিষয়ে জানো আহক

শৈলেন শইকীয়া

১৯৩৭ চনত অনুষ্ঠিত অসম বিধান পৰিষদৰ নিৰ্বাচনত পূৱ নগাঁও সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি বিধায়ক নির্বাচিত হোৱা মৌলবী মহম্মদ আমিৰ উদ্দিনে বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰিছিল (Maulvi Mohammad Amir Uddin)। মেধাবী আৰু বাকপটু ৰাজনীতিক আমিৰ উদ্দিনে বিধানসভাত বিধায়কসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

১৮৯৮ চনত তেতিয়াৰ বঙ্গদেশৰ মৈমন সিং জিলাৰ হাটছেৰাত তেওঁৰ জন্ম হৈছিল। পিতৃ চাদিৰ মৰল। মৈমন সিঙৰ গফৰ গাঁও হাইস্কুলত শিক্ষাগ্রহণ কৰি তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আই এ পাছ কৰে। কলিকতাৰ প্ৰেছিডেন্সি কলেজত বি এ পঢ়ি থকাৰ সময়ত দেশৰ স্বাধীনতা আন্দোলনত অংশ গ্রহণ কৰা বাবে বৃটিছৰ শেন চকুত পৰি আধাতে শিক্ষা সামৰিব লগা হয়।

১৯২৬ চনত তেওঁ কাপোৰৰ ব্যৱসায়ীৰ ৰূপেৰে নগাঁৱলৈ আহে। ব্যৱসায়ৰ ধনেৰে মৰিগাঁৱৰ নগাবন্ধাত মাটি কিনি খেতি কৰা আৰম্ভ কৰে। পিছত পত্নীৰ পৰামৰ্শ মতে নগাঁও নগৰলৈ আহে আৰু টিউচন কৰি সংসাৰ চলোৱা আৰম্ভ কৰে। এজন কালেক্টৰৰ পৰামৰ্শ মর্মে তেওঁ মুক্তাৰ শ্বিপ পড়ে। ১৯৩৩-৩৪ চনত নগাঁও কাছাৰীত তেওঁ মুক্তাৰ হিচাপে যোগদান কৰে। ১৯৩৭ চনত তেওঁ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিধায়ক নির্বাচিত হয়।

১৯৪২ চনত নির্বাচন অনুষ্ঠিত নোহোৱা বাবে তেওঁ কেইবা বছৰ বিধায়ক হৈ থকাৰ লগতে উপাধ্যক্ষৰ পদত কাৰ্যনিবাহ কৰে। ভাৰত চৰকাৰে তেওঁক ‘খান চাহাব’ উপাধি প্রদান কৰিছিল। জীৱনৰ আৰম্ভণীতে আমিৰ উদ্দিন কংগ্ৰেছী আছিল যদিও পিছত মুচলিম লীগত যোগদান কৰে।

১৯৪৬ চনত মুচলিম লীগৰ প্ৰাৰ্থী ৰূপে, ১৯৫২, ১৯৫৭, ১৯৬২ চনত নির্দলীয় প্রার্থী ৰূপে তেওঁ পুনৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হয়। ১৯৬৭ চনত মৌলবী মহম্মদ আমিৰ উদ্দিনৰ মৃত্যু হয়। মৃত্যু পর্যন্ত তেওঁ নগাঁও চহৰৰ ফৌজদাৰীপট্টিত বাস কৰিছিল।

লগতে পঢ়কঃ স্বাধীনতাৰ পূৰ্বেই দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈ লোকসেৱক উপাধি লাভ কৰা হলধৰ ভূঞাৰ বিষয়ে জানো আহক


Advertisement