ডিজিটেল ডেস্ক, গুৱাহাটী: আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে দুটা পৰ্যায়ত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে। প্ৰথমখন তালিকাত ৪২ গৰাকী আৰু যোৱা ১৪ মাৰ্চত ২৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে যদিও এতিয়াও বহুকেইটা গুৰুত্বপূৰ্ণ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ বাকী আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে কংগ্ৰেছৰ একালৰ অভেদ্য দুৰ্গ ধুবুৰী সদৰ সমষ্টি।
প্ৰাৰ্থিত্বক লৈ ধুবুৰী কংগ্ৰেছত অস্বস্তিকৰ পৰিৱেশ
প্ৰাৰ্থীৰ নাম ঘোষণা হোৱাৰ পূৰ্বেই ধুবুৰী সমষ্টিক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰচ’ৰাত এক চৰম অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আশ্চৰ্যজনকভাৱে, দলে কোনো আনুষ্ঠানিক ঘোষণা নকৰাৰ পাছতো কেইবাজনো নেতাই নিজকে ‘চূড়ান্ত প্ৰাৰ্থী’ হিচাপে প্ৰচাৰ চলাই দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগ উঠিছে। বিশেষকৈ বেবী বেগম, মাহমুদুল হুছেইন আৰু আবেদুৰ জামান নামৰ তিনিজন নেতাই নিজাববীয়াকৈ প্ৰচাৰ চলাই নিজকে কংগ্ৰেছৰ প্ৰাৰ্থী বুলি জাহিৰ কৰা কাৰ্যই ধুবুৰী কংগ্ৰেছক ৰাজহুৱাভাৱে বিৰম্বনাৰ মুখত পেলাইছে।
পৰ্যবেক্ষকক বাধা আৰু ‘স্বেচ্ছাচাৰী‘ আচৰণৰ অভিযোগ
নাম প্ৰকাশত অনিচ্ছুক এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ অভিযোগ অনুসৰি, এই তিনিজন টিকট প্ৰত্যাশীয়ে ধুবুৰীত এক স্বেচ্ছাচাৰী পৰিৱেশৰ সৃষ্টি কৰিছে। তেওঁলোকে আনকি APCC আৰু AICC-ৰ পৰ্যবেক্ষকসকলকো তৃণমূল পৰ্যায়ৰ কৰ্মী বা সাধাৰণ ৰাইজৰ সৈতে মুক্তভাৱে যোগাযোগ কৰিবলৈ দিয়া নাই বুলি অভিযোগ উঠিছে। অভিযোগ অনুসৰি, সমষ্টিৰ প্ৰকৃত ৰাজনৈতিক পৰিস্থিতি বুজিবলৈ অহা পৰ্যবেক্ষকসকলক বিভিন্ন প্ৰলোভন দেখুৱাই নিজৰ পক্ষত অনাৰ চেষ্টা চলোৱা হৈছে। এই ‘নিজৰ ঢোল নিজে কোবোৱা’ প্ৰবৃত্তিৰ বাবে তৃণমূল কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে।
ৰেজাউল ইছলাম: তৃণমূলৰ পৰা উত্থান হোৱা এগৰাকী যোগ্য দাবীদাৰ
এই সকলো বিতৰ্ক আৰু খেলিমেলিৰ মাজত ধুবুৰী সমষ্টিৰ বাবে এতিয়া ৰেজাউল ইছলামৰ নামটোৱে আটাইতকৈ বেছি চৰ্চা লাভ কৰিছে। ছাত্ৰ জীৱনৰ পৰাই কংগ্ৰেছৰ আদৰ্শৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ৰেজাউল ইছলামে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ পৰা NSUI-ৰ সাধাৰণ সম্পাদক হিচাপে নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। ২০০০ চনৰ পূৰ্বেই তেওঁ সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি দলীয় ভেটি মজবুত কৰিছিল।

এজন সক্ৰিয় কংগ্ৰেছ কৰ্মী হিচাপে তেওঁ ধুবুৰী জিলাত দলীয় সংগঠন গঢ়ি তোলাত অবিৰত চেষ্টা চলাই আহিছে। বহু নেতা-কৰ্মীয়ে বিভিন্ন সময়ত দল ত্যাগ কৰি অন্য দললৈ গ’লেও ৰেজাউল ইছলামে সদায় কংগ্ৰেছৰ প্ৰতি আনুগত্য বজাই ৰাখিছে। বিশেষকৈ ধুবুৰী সমষ্টিৰ অন্তৰ্গত মধুশৌলমাৰী আৰু টিয়ামাৰী জিলা পৰিষদৰ সদস্য হিচাপে তেওঁ এসময়ত এআইইউডিএফ (AIUDF) দলৰ প্ৰাৰ্থীক বিপুল ভোটত পৰাস্ত কৰি নিজৰ সাংগঠনিক শক্তিৰ পৰিচয় দিছিল।
তৃণমূলৰ দাবী: ৰেজাউল ইছলামেই পৰিত্ৰাণৰ পথ
ধুবুৰীৰ এজন জ্যেষ্ঠ তৃণমূল কৰ্মীয়ে আক্ষেপ প্ৰকাশ কৰি কয়, “ধুবুৰী সদায় কংগ্ৰেছৰ দুৰ্গ আছিল, কিন্তু ভুল প্ৰাৰ্থী নিৰ্বাচনৰ বাবে যোৱা কেইবাটাও নিৰ্বাচনত আমি আমাৰ শক্তি হেৰুৱাইছো। আজি যিসকলে হঠাতে নিজকে প্ৰাৰ্থী বুলি ঘোষণা কৰিছে, তেওঁলোকৰ গাঁও অঞ্চলৰ ৰাইজৰ লগত কোনো সম্পৰ্ক নাই। আমাৰ সমষ্টিৰ ৭৫ শতাংশতকৈও অধিক ভোটাৰে বিচাৰে যে ৰেজাউল ইছলামেই এইবাৰ প্ৰাৰ্থী হওক।”

সমষ্টিটোৰ ১৮ খনকৈ গাঁও পঞ্চায়তত থকা নিবিড় সম্পৰ্ক আৰু তৃণমূলৰ সৈতে থকা যোগাযোগৰ বাবে ৰেজাউল ইছলামেই ধুবুৰীত কংগ্ৰেছক পুনৰুজ্জীৱিত কৰিব পাৰিব বুলি ৰাজনৈতিক মহলত মত প্ৰকাশ কৰা হৈছে।
হাই কামাণ্ডৰ সিদ্ধান্তৰ ওপৰত সকলোৰে চকু
ধুবুৰী কংগ্ৰেছৰ ভিতৰত চলি থকা বিভ্ৰান্তি আৰু গোষ্ঠীগত কন্দলে এতিয়া হাই কামাণ্ডৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, যদি তৃণমূলৰ সৈতে নিবিড় সম্পৰ্ক থকা আৰু দীৰ্ঘদিনীয়া সাংগঠনিক অভিজ্ঞতা থকা ৰেজাউল ইছলামৰ দৰে নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, তেন্তে এই সমষ্টিত কংগ্ৰেছৰ বাবে এক নতুন অধ্যায় আৰম্ভ হোৱাটো নিশ্চিত। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে হাই কামাণ্ডৰ চুড়ান্ত সিদ্ধান্তৰ ওপৰত।
লগতে পঢ়ক: ধুবুৰীত কংগ্ৰেছৰ হাহাকাৰ: তিনিজন ‘স্বঘোষিত’ প্ৰাৰ্থীৰ বাবে তৃণমূল কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টি

