Nagaon EVM Randomization Completed Successfully in Presence of Political Parties নগাঁও জিলাৰ ভোটিং মেচিনৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন

নগাঁও: অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশস্বৰূপে বুধবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়িত হয়। জিলাখনৰ অন্তৰ্গত সাতটাকৈ বিধানসভা সমষ্টি ক্ৰমে ৫৫নং ধিং, ৫৬নং ৰূপহীহাট, ৫৭নং কলিয়াবৰ, ৫৮নং চামগুৰি, ৫৯নং বঢ়মপুৰ, ৬০নং নগাঁও-বটদ্ৰৱা আৰু ৬১নং ৰহা (অনুসূচীত জাতি) সমষ্টিৰ বাবে ই.ভি.এম. আৰু ভি.ভি.পেট. যন্ত্ৰৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন কৰা হয় (Nagaon EVM Randomization)।

নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এই বিশেষ কাৰ্যসূচীত সভাপতিত্ব কৰে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

উক্ত প্ৰক্ৰিয়াটো জিলাখনৰ বিভিন্ন স্বীকৃত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ প্ৰত্যক্ষ উপস্থিতিত কম্পিউটাৰাইজড পদ্ধতিৰে ৰেণ্ডমাইজেশ্যন সম্পন্ন কৰা হয় যাতে ভোটিং মেচিনৰ বিতৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে সন্দেহমুক্ত হৈ থাকে।

অনুষ্ঠানত সভাপতিত্ব কৰি ৰাজনৈতিক দলৰ প্ৰতিনিধিক উদ্দেশ্যি নগাঁও জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাই কয়, “ই ভি এম সম্পূৰ্ণ সন্দেহমুক্ত কৰাৰ উদ্দ্যেশে আমি আপোনালোকৰ সন্মুখত প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিছো। পৰৱৰ্তী সময়ত ই ভি এমসমূহ ষ্ট্ৰং ৰুমত ৰখাৰ ব্যৱস্থা কৰিম। তাৰ পৰৱৰ্তী সময়ত নিৰ্বচনৰ পূৰ্বে পুনৰ দ্বিতীয়বাৰৰ বাবে ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।”

অনুষ্ঠানত নিৰ্বাচন বিষয়া শেখৰণ ফুকন আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত তেজস অগ্নিহোত্ৰী প্ৰমুখ্যে নিৰ্বাচন কাৰ্যালয়ৰ বিষয়ববীয়া তথা কৰ্মচাৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ নগাঁও জিলাত ১৮৬৮ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব ভোটগ্ৰহণ


Advertisement