নগাঁও : নগাঁও জিলাৰ বিধানসভা নিৰ্বাচনত নিয়োজিত পোলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে (Polling Officers Training Nagaon)। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহ, নগাঁও নাট্য মন্দিৰ, নগাঁও ছোৱালী মহাবিদ্যালয় প্ৰেক্ষাগৃহ আৰু নগাঁও বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত সমান্তৰালকৈ তিনিটাকৈ খেপত আজিৰে পৰা অহা দুদিন ধৰি এই প্ৰশিক্ষণ চলি থাকিব।
এই প্ৰশিক্ষণত মুঠ ৮২২০ জনে অংশগ্ৰহণ কৰিছে। আজি জিলা পুথিভঁৰালত ৫৫২ জন, এডিপি কলেজত ৫৫২ জন, নাট্য মন্দিৰত ৫৫২ জন, ছোৱালী মহাবিদ্যালয়ত ৫৫২ জন আৰু নগাঁও বিশ্ববিদ্যালয়ত ৫১২ জন বিষয়া-কৰ্মচাৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। অনুৰূপ ধৰণে কাইলৈ আৰু পৰহিলৈকো প্ৰায় সম সংখ্যক অন্য পোলিং-প্ৰিজাইডিং বিষয়াই এই কাৰ্যসূচীত ভাগ ল’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।
তেওঁ জনোৱা মতে, ইয়াৰ পূৰ্বে দুটা পৰ্যায়ত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীতো তেওঁলোকে অংশগ্ৰহণ কৰিছিল। নিৰ্বাচনী প্ৰক্ৰিয়াত যাতে কতো অলপো বিজুতি নঘটে তাৰবাবেই তিনিবাৰকৈ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই সকলো কাৰ্যসূচীৰ তদাৰক কৰি আছে আৰু প্ৰতিজন প্ৰিজাইডিং আৰু পোলিং বিষয়াই নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে শুদ্ধভাবে অবগত হোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই প্ৰশিক্ষণৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকি জিলা আয়ুক্তগৰাকীয়ে পোলিং বিষয়াসকলৰ সৈতে মত-বিনিময়ত মিলিত হয়।
তেওঁ নিৰ্বাচনী প্ৰস্তুতিসমূহৰ বুজ লৈ ভোটগ্ৰহণ প্ৰক্ৰিয়াটো ত্ৰুটিমুক্ত আৰু সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় যাৱতীয় নীতি-নিৰ্দেশনা আগবঢ়ায়। লগতে স্বচ্ছ, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন উপহাৰ দিয়াৰ লক্ষ্যৰে প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰিবলৈ তেওঁ বিশেষভাৱে আহ্বান জনায়।
লগতে পঢ়কঃ নগাঁৱত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া

