Nagaon Police Bust Inter-District Gold Theft Nexusবহিঃজিলাৰ অপৰাধীয়ে খোপনি পাতিছে নেকি মধ্য অসমত?

নগাঁওঃ নগাঁৱৰ একাংশ অপৰাধীৰে মিলি বহিঃজিলাৰ অপৰাধীয়ে নগাঁৱত ঘাটি স্থাপনৰ বাবে কৰা চেষ্টাৰ বিৰুদ্ধে তৎপৰ হা পৰিছে নগাঁও আৰক্ষী। ৰাজ্য কপোঁৱা নগাঁৱৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত চিকিৎসক দম্পতীক আক্ৰমণ কৰি সুটপাত কৰা লখিমপুৰ জিলাৰ তিনিটাকৈ কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছত নগাঁও আৰক্ষীৰ তৎপৰতাত নগাঁৱত চোৰৰ নেক্সাছ গঢ়ি তোলা শিৱসাগৰৰ এটা কুখ্যাত চোৰকো আটক কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী (Nagaon Theft Nexus)।

সাতবাৰকৈ জেললৈ যোৱাৰ অভিজ্ঞতাৰে পুষ্ট কুখ্যাত চোৰটোক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোৰহাটৰ পৰা । শিৱসাগৰ- যোৰহাট- গোলাঘাট আৰক্ষীৰ ম’ষ্ট ৱান্টেড কুখ্যাত চোৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১২ লাখৰো অধিক টকা মূল্যৰ সোণ । চুৰি কাৰ্যত সিদ্ধহস্ত চোৰটোৱে একেদিনাই নগাঁও চহৰৰ হয়বৰগাঁও আৰু মৰিকলঙৰ চাৰিটা স্থানত সংঘটিত কৰিছিল চুৰিকাণ্ড। অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰে শিৱসাগৰৰ কুখ্যাত চোৰ অংকুৰ দাস। নগাঁও আৰক্ষীয়ে অভিযান চলাই যোৰহাটৰ টিয়কৰ পৰা কৰায়ত্ব কৰে চোৰটোক। জানিব পৰা মতে যোৰহাটৰ আৰক্ষীয়েও সন্ধান কৰি আছিল কুখ্যাত চোৰ অংকুৰ দাসৰ। চোৰটোৱে জমা ৰখা ৭৬ গ্ৰাম গলোৱা সোণ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নগাঁৱত চুৰি হোৱা সোণ নগাঁও আৰক্ষীয়ে শিৱসাগৰৰ এখন সোণাৰী দোকানৰ পৰা উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা সোণখিনিৰ আনুমানিক মূল্য ১২ লাখ টকা। চোৰ অংকুৰৰ পৰা আৰক্ষীয়ে চুৰিকাৰ্যত ব্যৱহৃত এখন স্কুটী, একাধিক গ’ল্ড লোণৰ নথি আৰু কেইবাখনো ATM কাৰ্ড উদ্ধাৰ কৰিবসৈ সক্ষম হয়। চোৰ অংকুৰৰ সহযোগী দুজন সোণাৰীকো আটক কৰিছে নগাঁও আৰক্ষীয়ে। ধৃত সোণাৰীদ্বয়ৰ নাম সঞ্জিত সৰকাৰ আৰু সঞ্জয় কৰ্মকাৰ। ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত বহুকেইটা চুৰিকাণ্ড সংঘটিত কৰি চোৰ অংকুৰ ৭ বাৰ জেল হাজোতলৈ গৈছিল।

বিগত সপ্তাহত নগাঁও চহৰৰ বিভিন্ন স্থানত সংঘটিত হোৱা চুৰি ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান চলাই আহিছিল। শেহতীয়াকৈ যোৰহাট টীয়কৰ পৰা কুখ্যাত চোৰ অংকুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী। উল্লেখযোগ্য যে, একেদিনাই নগাঁৱৰ হয়বৰগাঁৱৰ তিনি ঘৰত আৰু মৰিকলঙৰ এঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল অংকুৰে।

নগাঁৱৰ বিভিন্ন ঠাইত ঘৰভাড়া বিচাৰি যোৱা চলেৰে ঘৰত গৃহস্থ নথকাৰ সুযোগলৈ চুৰিকাণ্ড সংঘটিত কৰিছিল চোৰ অংকুৰে ।আনহাতে চোৰটোৱে চুৰি কৰা সোণ খিনি বিক্ৰী কৰা শিৱসাগৰৰ সোণাৰি সঞ্জীৱ সৰকাৰ আৰু সঞ্জয় কৰ্মকাৰক আৰক্ষীয়ে আটক কৰে।

চোৰৰ গেঙটো সম্পূৰ্ণৰূপে উৎখাতৰ বাবে ধৃত সাণাৰীসহ চোৰ অংকুৰক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

লগতে পঢ়কঃ মোৰ কণমানি সন্তানক এতিয়া কোনে চাব ? ডকাইতৰ আক্ৰমণত পত্নীৰ মৃত্যুত আৱেগিক চিকিৎসক স্বামী


Advertisement