Two Injured During Wild Elephant Chase Operation in Assam’s Bormaচামগুৰিৰ বৰমাত বন্যহস্তী খেদিবলৈ চলোৱা গুলীৰ অংশ লাগি দুজন আহত

নগাঁওঃ চামগুৰিৰ বৰমা অঞ্চলত পুনৰ সৃষ্টি হৈছে বন্যহস্তীৰ আতংক। বৃহস্পতিবাৰে অঞ্চলটোত প্ৰৱেশ কৰা এটা বন্যহস্তীয়ে ব্যাপক তাণ্ডৱ চলোৱাত স্থানীয় লোকসকলৰ মাজত ভয়-আতংকৰ সৃষ্টি হয় (Man Elephant Conflict)। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ বন্যহস্তীটোক খেদিবলৈ চেষ্টা চলায়।

এই সময়তে সংঘটিত হয় আন এক অঘটন। বনকৰ্মীয়ে শূন্যলৈ কাৰ্টিছ গুলীচালনা কৰে যদিও গুলীৰ কিছু অংশ চিটিকি পৰাত দুগৰাকী লোক আহত হয়।
আহতসকল ক্ৰমে বৰমাবিলৰ আব্দুল ৰহমান আৰু দুলেনা খাটুন বুলি জানিব পৰা গৈছে।

আহত দুয়োকে তৎক্ষণাত বন বিভাগৰ সহযোগত চামগুৰি প্ৰাথমিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত দুয়োকে ঘৰলৈ যাবলৈ অনুমতি দিয়ে।

ইফালে, বন্যহস্তীটো বৰ্তমানেও বৰমা অঞ্চলতে অৱস্থান কৰি থকাত স্থানীয় ৰাইজৰ মাজত আতংক অব্যাহত আছে। বন বিভাগে হস্তীটোক নিৰাপদে জংঘলমুখী কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৰিশ শৰ্মা আৰু সতীশ শ্বাহ


Advertisement