নগাঁওঃ নগাঁও জিলাৰ চামগুৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত। এটা বনৰীয়া হাতীয়ে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে চামগুৰি অঞ্চলত। আজি বন্যহস্তীৰ আক্ৰমণত দুজন লোক নিহত হয় (Wild Elephant Attack)। নিহত লোক দুজন হৈছে ছৰিফুল ইছলাম আৰু প্ৰণৱ দাস। ইয়াৰে ছৰিফুল ইছলামৰ ঘৰ বাজিয়া গাঁৱত আৰু প্ৰণৱ দাসৰ ঘৰ চামগুৰিত।
জানিব পৰা মতে ছৰিফুল ইছলামে পাচলিৰ খেতিত কাম কৰি থকা অৱস্থাত আজি পুৱা পুৱা বন্যহস্তীৰ আক্ৰমণত বলি হয় আৰু থিতাতে নিহত হয় ।
অন্যহাতেদি বন্যহস্তী খেদিবলৈ চেষ্টা কৰা প্ৰণৱ দাসকো বন্যহস্তীয়ে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত প্ৰণৱ দাসৰ পৰবৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।
বনবিভাগে সদৰী কৰামতে কালিৰে পৰাই হাতীটোৱে সেই স্থানত বিচৰণ কৰি আছিল। বনবিভাগে বনৰীয়া হাতীটো খেদিবৰ বাবে বিভিন্ন চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। কালি হাবিৰ ফালে হাতীটো গৈছিল যদিও আজি পুনৰ উভতি আহে। বৰ্তমান বনৰীয়া হাতীটো জংঘলৰ ভিতৰত সোমাই আছে বাবে হাতীটো থকা স্থান নিৰ্ণয় কৰিবলৈ বন বিভাগৰ অসুবিধা হৈছে।
বনবিভাগে দ্ৰোণৰ সহায়ত বনৰীয়া হাতীটো থকা স্থান নিৰ্ণয় কৰিব বুলিও বনবিভাগে সংবাদ মাধ্যমক জনায়। বনবিভাগে বৰ্তমান বন্যহস্তীটো নিৰিক্ষণত ৰাখিছে।
লগতে পঢ়কঃ চামগুৰিৰ বৰমাত বন্যহস্তী খেদিবলৈ চলোৱা গুলীৰ অংশ লাগি দুজন আহত

