নগাঁওঃ নগাঁও জিলাৰ মৰিকলঙত সংঘটিত ডকাইতি কাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে ডকাইতিৰ অন্যতম অভিযুক্ত আহত হয় পথ দুৰ্ঘটনাত। নগাঁৱৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ অন্যতম অভিযুক্ত ৰাজিবুৰ ৰহমান আহত হয় এক ভয়ংকৰ দূৰ্ঘটনাত (Morikolong Dacoity Case)। নিশা অনুসন্ধানৰ বাবে অভিযুক্ত ৰাজিবুৰক লৈ যোৱা অৱস্থাত আৰক্ষীৰ বাহনখন নগাঁৱৰ বৰঘাটত দূৰ্ঘটনাত পতিত হয়। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ডকাইত ৰাজিবুৰ ৰহমানক নিশাই নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হয়।
এই ডকাইতি কাণ্ডটোত ডাঃ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়া (ৰূপৰেখা ভূঞা শইকীয়া)ৰ মৃত্যু হৈছিল। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ৰূপৰেখাই গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত প্ৰায় ১৬ দিনৰ পিছত মৃত্যুক সাৱটি লয়। এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
ঘটনাৰ পটভূমি
বিগত এপ্ৰিল মাহৰ ২৩ তাৰিখে নিশা প্ৰায় ৩ মান বজাত মৰিকলংস্থিত ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত ডকাইতৰ এটা দল প্ৰৱেশ কৰি চিকিৎসক দম্পতীক আক্ৰমণ কৰি লোহাৰ ৰড আৰু চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে। ৰূপৰেখাৰ মূৰত নিৰ্মমভাৱে আকৰ্মণ কৰে ডকাইতৰ দলটোৱে।ডকাইতৰ দলটোৱে নগদ ধন, সোণাৰ গহনা আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুট কৰি পলায়ন কৰে। পৰৱৰ্তী সময়ত ৰূপৰেখাৰ মৃত্যু হোৱাত এই ডকাইতি কাণ্ডটোৰ গোচৰত হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা বুলি জনাইছিল নগাঁও আৰক্ষীয়ে।
নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ৰাজিবুৰ ৰহমানকে ধৰি লম্বা আলী ওৰফে ৰেজ্জাক আলী, নুৰ হুছেইন আলীক লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী। ইয়াৰ পূৰ্বে উমৰ আলী (মাষ্টাৰমাইণ্ড), মিণ্টু হুছেইন, নাজিৰুল ইছলামকো আটক কৰিছিল নগাঁও আৰক্ষীয়ে ।
দূৰ্ঘটনাৰ বিবৰণ
ডকাইতিৰ ঘচনাৰ অনুসন্ধানৰ বাবে অন্যতম অভিযুক্ত ৰাজিবুৰ ৰহমানক আৰক্ষীয়ে লৈ যোৱা অৱস্থাত নিশা আৰক্ষীৰ বাহনখন নগাঁৱৰ বৰঘাটত দূৰ্ঘটনাত পতিত হয়। এই দূৰ্ঘটনাত ৰাজিবুৰ ৰহমান আহত হয়। আহত অৱস্থাত তেওঁক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে। পথ দুৰ্ঘটনাত ডকাইতিৰ অভিযুক্ত ৰাজিবুৰ ৰহমান আহত হোৱা বুলি নগাঁও আৰক্ষীৰ পৰা জানিব পৰা গৈছে।
ডাঃ ৰঞ্জিত শইকীয়াই দূৰ্ঘটনাত অভিযুক্ত ৰাজিবুৰ আহত হোৱাক লৈ কিছু পৰিমাণে হলেও ন্যায় পোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁৰ দাবী অনুসৰি এই দুৰ্ঘটনাই অলপ হ’লেও ক্ষতিগ্ৰস্ত পৰিয়ালক সান্ত্বনা দিছে ভগৱানে।
এই চাঞ্চল্যকৰ কাণ্ড আৰু দূৰ্ঘটনাই স্থানীয় লোকসকলৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। ইপিনে, ডকাইতিৰ ঘটনাৰ লগতে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।
লগতে পঢ়কঃ মোৰ কণমানি সন্তানক এতিয়া কোনে চাব ? ডকাইতৰ আক্ৰমণত পত্নীৰ মৃত্যুত আৱেগিক চিকিৎসক স্বামী

