নগাঁওঃ অসম জাতীয় পৰিষদৰ সকলো পদ তথা প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে (Rajen Gohain Resignation)। বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি একাংশ বিজেপি নেতাৰ বিৰুদ্ধে বিষোদগাৰ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছিল এসময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে।
গোহাঁইয়ে আনকি বিজেপিত প্ৰৱীণ তথা জ্যেষ্ঠ কৰ্মীৰ কোনো মূল্য নাই বুলিও ক্ষোভ উজাৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। গোহাঁইয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ বাবেই সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী-সমৰ্থক সকল অসন্তুষ্ট হৈ পৰিছিল।
অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি তথা বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থী গোহাঁইয়ে বিধানসভা নিৰ্বাচনত ৬০ হাজাৰ ৯৮৬ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে ১ লাখ ১৭ হাজাৰ ১২৭টা ভোট লাভ কৰিছিল। অৰ্থাৎ ৫৬ হাজাৰ ১৪১ টা ভোটৰ ব্যৱধানত ৰাজেন গোহাঁই পৰাজিত হৈছিল।
ইয়াৰ পিছতেই আকস্মিক ভাৱে আজি গোহাঁইয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ পত্ৰ লিখি পদত্যাগ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে। ইংৰাজীত লিখা পত্ৰখনত গোহাঁইয়ে ব্যক্তিগত কাৰণত অসম জাতীয় পৰিষদৰ প্ৰাথমিক সদস্য, সকলো পদৱী তথা দায়িত্বৰ পদত্যাগ কৰা বুলি উল্লেখ কৰিছে। তেওঁ পত্ৰখনত তেওঁৰ সহযোগিতা আগবঢ়োৱাৰ বাবে অসম জাতীয় পৰিষদৰ কৰ্মী সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।
উল্লেখযোগ্য গোহাঁইয়ে অদ্যপি সংবাদ মাধ্যমৰ আগত তেওঁ পদত্যাগ কৰাৰ সম্পৰ্কত কোনোধৰণৰ আনুষ্ঠানিক বক্তব্য ৰখা নাই। অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰি ৰাজেন গোহাঁইয়ে পুনৰ বিজেপিত যোগদান কৰিব নেকি? এনে চৰ্চাও চলিছে। উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনত গোহাঁইৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা জিতু গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি পুনৰ ৰাজেন গোহাঁইক বিজেপিত যোগদান কৰাৰ আহ্বান জনাইছিল। বিধায়ক গোস্বামীয়ে গোহাঁইয়ে পুনৰ বিজেপিলৈ আহিলে তেওঁক যোগ্যস্থানতেই অধিষ্ঠিত কৰা হব বুলি মন্তব্য কৰিছিল।
চৰ্চিত হোৱা মতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰি দিছপুৰৰ বিধায়ক হোৱা তথা সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ বাবে নগাঁও লোকসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হব। এনে পৰিপ্ৰেক্ষিতত পুনৰ বিজেপিত যোগদান কৰি গোহাঁইয়ে নগাঁও লোক সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনাও নথকা নহয় । কিয়নো নগাঁও লোক সভা সমষ্টিৰ পৰা ৰাজেন গোহাঁই ক্ৰমান্বয়ে ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ অৰ্থাৎ চাৰিটা কাৰ্যকাল সাংসদ হিচাপে বিজয়ী হৈছিল।
স্বাভাৱিকতে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাত গোহাঁই নিজস্বভাৱে এক বিশেষ দখল আছে। সেয়ে চৰ্চিত হোৱা বিষয়টো অস্বাভাৱিক নহয় বুলিও বহুতে কব বিচাৰে। অৱশ্যে ৰাজেন গোহাঁইৰ এই পদত্যাগৰ আঁৰৰ ৰহস্য কি, অনাগত সময়তহে পোহৰলৈ আহিব।
লগতে পঢ়কঃ Rajen Gohain on Sonowal Himanta: সোণোৱালৰ প্ৰশংসা,হিমন্তক তুলাধূনা ৰাজেন গোহাঁইৰ

