DC Directs Timely Completion of All Schemes at Nagaon District Development Committee Meetingনগাঁৱত সকলো আঁচনি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

নগাঁও: নগাঁও জিলাত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ (ডিডিচি)ৰ এই মাহৰ বৈঠকখন সোমবাৰে দিনজোৰাকৈ অনুষ্ঠিত হয় (Nagaon District Development Committee)। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পুৱাৰে পৰা আবেলিলৈকে অনুষ্ঠিত উক্ত গুৰুত্বপূৰ্ণ সভাত জিলা আয়ুক্ত গৰাকীয়ে জিলাখনৰ সামগ্ৰিক উত্তৰণ তথা উন্নয়নৰ ক্ষেত্ৰত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ অপৰিসীম গুৰুত্বৰ বিষয়ে বিশদভাৱে উল্লেখ কৰাৰ লগতে কৃষি, লোকনিৰ্মাণ বিভাগ পথ, লোকনিৰ্মাণ বিভাগ গৃহ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু জলসিঞ্চন আদি বিভিন্ন চৰকাৰী বিভাগৰ চলি থকা উন্নয়নমূলক আঁচনিসমূহৰ শেহতীয়া অগ্ৰগতিৰ খতিয়ান লয়।

জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত আটাইকেইটা বিভাগৰ অধীনত ৰূপায়িত হৈ থকা জনহিতকৰ আঁচনি তথা অসমাপ্ত কাম-কাজসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত গুণগত মান অক্ষুণ্ণ ৰাখি খৰতকীয়াভাৱে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগীয় মুৰব্বী তথা বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া প্ৰমুখ্যে অতিৰিক্ত আয়ুক্তসকল, খণ্ড উন্নয়ন বিষয়া, কাৰ্যবাহী বিষয়া, শিক্ষা, স্বাস্থ্য, কৃষি, জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ বিভাগ পথ, লোকনিৰ্মাণ বিভাগ গৃহ, পৰিবহণ বিভাগ, জলসম্পদ, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়কঃ নগাঁও জিলাতো আৰম্ভ সপ্তাহজোৰা ‘জনভাগিদাৰী’ অভিযান


Advertisement