নিউজ ডেস্ক: প্ৰতিষ্ঠিত আলোচনী Fame India-এ দেশজুৰি চলোৱা এক সমীক্ষাত ১০০ জন জিলা আয়ুক্ত/দণ্ডাধীশ (District Magistrate/DM)ক “অসাধাৰণ আৰু সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী” প্ৰশাসনিক মুৰব্বী হিচাপে তালিকাভুক্ত কৰিছে (Best District Magistrates 2026)।
এই তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ চাৰিগৰাকী জিলা আয়ুক্ত। সেই সকল হৈছে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী, তিনিচুকীয়া জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱান আৰু কামৰূপ (মেট্ট’) জিলাৰ আয়ুক্ত স্বপ্নীল পাল।
উল্লেখযোগ্য যে এই তালিকাভুক্ত এশজনৰ ভিতৰত ২৫ জন বিশেষভাৱে কৃতিত্বসম্পন্ন জিলা আয়ুক্তক আলোচনীখনৰ আগন্তুক ২০২৬ সংস্কৰণত বিশেষভাৱে স্থান দিয়া হ’ব।
দেশৰ প্ৰায় ৮০০খন জিলাক সামৰি চলোৱা এই বিস্তৃত সমীক্ষাৰ উদ্দেশ্য হৈছে কঠিন পৰিস্থিতিৰ মাজতো জনসেৱাত উৎকৃষ্ট নেতৃত্ব প্ৰদান কৰা বিষয়াসকলক উৎসাহিত কৰা।
Fame India-এ “Best District Magistrates 2026” শীৰ্ষক বিশেষ সংস্কৰণৰ জৰিয়তে এনে জিলা আয়ুক্ত সকলৰ কাম-কাজ আৰু সাফল্যক স্বীকৃতি প্ৰদানৰ চেষ্টা কৰিছে।
২০১১ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা এই সমীক্ষাই এতিয়া Fame India-ৰ এক বাৰ্ষিক পৰম্পৰালৈ পৰিণত হৈছে। বছৰ বছৰ ধৰি “কাৰ্যদক্ষতা আৰু জনসেৱা”ৰ ভিত্তিত জিলা আয়ুক্তসকলক মূল্যায়ন কৰি কৰা এই শ্ৰেণীবিভাজনে কেৱল নিৰ্বাচিত বিষয়াসকলৰ বাবেই নহয়, আন সহকৰ্মী বিষয়াসকলৰ বাবেও এক উচ্চ নৈতিক মানদণ্ড স্থাপন কৰিছে।
উল্লেখযোগ্য যে, ৰাজ্যৰ আন তিনি জিলাৰ উপৰিও মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ নামো দেশৰ এশগৰাকী জিলা আয়ুক্তৰ তালিকাত অন্তৰ্ভূক্ত হোৱাত উৎফুল্লিত হৈ পৰিছে মৰিগাঁওবাসী। বিগত সময়ত জিলা আয়ুক্ত হিচাপে অমানিকা তেৱাৰীয়ে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে দেশৰ ভিতৰত মৰিগাঁও জিলাও উজলি উঠিছে। জিলা আয়ুক্ অনামিকা তেৱাৰীক লৈ গৌৰাম্বিত মৰিগাঁওবাসী।
লগতে পঢ়কঃ ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হোৱাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

