বিপুল শইকীয়া, মাজুলী : জৈৱ-বৈচিত্ৰ্যৰে পৰিপূৰ্ণ নদী-দ্বীপ মাজুলীৰ ঈৰ্শনীয় প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ স্বকীয় বৈশিষ্ট সমূহলৈ শেহতীয়াকৈ আহি পৰিছে বৃহৎ প্ৰত্যাহ্বান। বিশেষকৈ জিলাখনৰ সমগ্ৰ পৰিৱেশতন্ত্ৰটো গঢ় লৈ উঠিছে ইয়াৰ নৈ, বিল, ডুবি, জলাশয়, পিতনি আদিৰ অৱস্থিতিক লৈ। সম্প্ৰতি এই সমগ্ৰ পৰিৱেশটোক ছানি ধৰিছে এক অনাকাংখীত ভয়াবহ বিপদে(Majuli Wetland Crisis)। এই মহা বিপদৰ পৰা পৰিত্ৰাণৰ বাবে এক পৰিকল্পিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে আৰু আঠ-দহবছৰৰ পিছত হয়তু মাজুলীৰ বিভিন্ন ক্ষেত্ৰলৈ আহি পৰিব ন-ন প্ৰত্যাহ্বান (Majuli biodiversity threat)।
উল্লেখ্য, মাজুলীত চৰকাৰী তথ্যমতে জলভূমি হিচাপে প্ৰায় আশীৰো অধিক বিল, ডুবি, জলাশয়, পিতনি, খাল, পুখুৰী আদি আছে। ব্ৰহ্মপুত্ৰৰ বানৰ পৰা সুৰক্ষা দিয়াৰ অৰ্থে জিলাখনৰ চৌদিশে ওখ-ওখ মথাউৰি নিৰ্মাণ কৰাৰ পিছত প্ৰায় ২०১২ চনৰ পৰাই মাজুলীৰ অন্ত:ভাগলৈ প্ৰৱেশ কৰা নাই ব্ৰহ্মপুত্ৰৰ বান। ফলস্বৰূপে মাজুলীৰ ভিতৰভাগত থকা পানী পৰিবাহী মাধ্যম নৈ, বিল, জলাশয় আদিসমূহ হৈ পৰিল স্থবিৰ(Majuli Wetland Crisis)।
পানী মেটেকা, জাঁজৰি, পিত আদিৰে ভৰি পৰা মাজুলীৰ নৈ, বিল, জলাশয় সমূহৰ অস্তিত্বলৈ আহি পৰিছে মহা সংকট। বছৰ বছৰ ধৰি জমা হোৱা মেটেকা, জাঁজৰি আদিয়ে ভয়াৱহভাৱে কু-প্ৰভাৱ পেলাইছে মাজুলীৰ জলপৰিৱেশতন্ত্ৰত। যিসমূহ নৈ, বিল, জলাশয়ত এটা সময়ত কাছ, কেঁকোৰা, বিবিধ থলুৱা মাছ, ডাউক, দৰিকনা, কনামুচৰি, বগলী, পানী কাউৰী আদি বিবিধ থলুৱা পক্ষীৰ কলকাকলিত মুখৰিত হৈ আছিল, আজি সেই পৰিবেশ দূৰ্লভ হৈ পৰিল(Majulir jolbhumi sonkot)।
অন্যহাতে মেটেকা-পিতনিৰে ভৰা বন্ধ পৰিবেশে মানৱ সমাজলৈও আনিছে অশনি সংকেত। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা দহ-পোন্ধৰ বছৰৰ ভিতৰত মাজুলীৰ বিভিন্ন অঞ্চলত কৰ্কটকে মুখ্য কৰি বিভিন্ন মাৰাত্মক ৰোগৰ প্ৰাৰ্দূভাৱ বৃদ্ধি পাইছে। এয়ে যদি অব্যাহত থাকে অহা দিনসমূহত মাজুলীৰ পৰিৱেশতন্ত্ৰই কেনে এক ভয়াবহ ৰূপ ল’ব, সেয়া সময় থাকোতেই চৰকাৰ তথা সংশ্লিষ্ট পক্ষসমূহে বিবেচনা কৰিবৰ হ’ল।
উল্লেখ্যযোগ্য যে, মাজুলীৰ অনন্য এক ঐতিহ্য বহনকাৰী ডুবি হৈছে কমলাবাৰী-গড়মূৰ সংযোগী পথৰ মাজত অৱস্থিত দৰিয়া ঘাট বা দৰিয়া ডুবি। হিয়াৰ আমঠু, মহান শিল্পী জুবিন গাৰ্গে যাক লৈ সৃষ্টি কৰিছিল “মাজুলীত এজনী ছোৱালীয়ে দুখ পালে …. দৰিয়া ঘাটতে কলিজা ঠেকেছি”। এই দৰিয়া ডুবিৰে অৱস্থা এতিয়া দূৰাৱস্থা। মাজুলী ৰাজহ চক্ৰৰ ১১৭নং দাগৰ ৫.৯৪ হেক্টৰ মাটিকালি আৰু ৪৪ বিঘা ২কঠা ১৭লোচা পানীকালিৰে গঠিত দৰিয়া ডুবিৰ অৱস্থাও তথৈবচ। মেটেকা, জাৱৰ-জোথৰেৰে পৰিপূৰ্ণ অতি সম্ভাৱনাময় ডুবিটোও গতি কৰিছে মৃতপ্ৰায় অৱস্থালৈ। ইয়াৰ মাজতে শেহতীয়াকৈ মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু মাজুলীৰ বিধায়ক ভুবন গামে দৰিয়া ডুবিৰ বিপদক সম্পদলৈ ৰূপান্তৰিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাই মাজুলীবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে(water hyacinth in Majuli)।
ডুবিটোৰ মেটেকাকে ধৰি বিভিন্ন জাঁজৰিসমূহ পৰিস্কাৰ কৰি থলুৱা মাছ আৰু পক্ষীৰ বিচৰণ ক্ষেত্ৰলৈ পৰিনত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ লগতে ডুবিটোৰ পৰা নিষ্কাষণ কৰা মেটেকা সমূহেৰে কেঁচুসাৰ উৎপাদন কৰাৰ এক প্ৰকল্পও গঢ়ি তুলিছে। অতি কম দিনৰ ভিতৰতে কৰ্মক্ষম হ’বলৈ আগবঢ়া উক্ত প্ৰকল্পৰ দ্বাৰা স্থানীয় উদ্যোগী যুৱকসকল উপকৃত হ’ব পাৰিব। স্মতব্য যে, মাজুলীৰ অৰ্ধশতাধিক বিল, ডুবি, জলাশয়ৰ ভিতৰত মাত্ৰ এটা দৰিয়া ডুবিক বিপদৰ পৰা উদ্ধাৰ কৰিলেই অনাগত দিনত আহি থকা মাজুলীৰ সংকট দূৰ নহয় সেয়া সহজেই অনুমেয়।
ৰাজহ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোঁসাই ডুবি, টূনী বা দিখৌ সূঁতি, গৰৈমাৰী বিল, কোটাই বা কছুৱনি বিল, লোথাই ডুবি বিল, বৰপুখুৰী, দীঘলি সূঁতি, বোকাবিল, বৰজান, সৰুজান, অভয়পুৰীয়া শুকান সূঁতি, হাউলি বিল, সৰলা বিল, শিংগীয়া বিল, বোকাজান মিৰি চৰাই ডুবি, চেঙামৰা বিল, নাওজান, শুকানসূঁতি, মূদৈবিল, গুৱাকটা বিল, গটঙা, সোনাৰি বিল, ১নং বৰনলনি বিল, পহুমৰা বিল, বাঢ়ৈ ডুবি, হাওলা ডোবা, শ’লমাৰি বিল, ম’হখূটি জান, ভীমপাৰা বিল, কাঠপাৰা বিল, বাতমাৰি বিল, কলীয়া বিল, খলিহামাৰী বিল, নগাপুখুৰী জান, ভোৰামৰা বিল, গেৰেকী বিল, টেকেলী ডুবি, চন্দামাৰি, সৰু হাঁহচৰা, বৰ হাঁহচৰা, খেৰখেৰি, ভেৰেক বিল, কছাৰীবোকা, ফুটুকা বিল, ন-দো বিল, বোকা বিল, বগা শইকীয়া বিল, ৰান্ধনি ডোবা পুখুৰী, ৰাজহুৱা বিল, ম’হখূটি জান, সোনাপাৰা ডুবি, বিষ্ণুপূৰ ডুবি, ঘোৰাপাৰা ডুবি, খনি বিল, ম’হকিনা ৰাজহুৱা ডুবি, শ’লমাৰি বিল, কাকৰিকটা বিল, চিতাদাৰচুক দলঙা পুখুৰী, চিতাদাৰচুক জ’ক পুখুৰী, চিতাদাৰচুক কানিয়ানগানি বিল, পাটকূৰ ডোবা, বোকোৰা বিল, চাকুলি বিল, দাৰুপোৱা বিল, চিলাকলা ডুবি, কেয়াঘূলি বিল, শিমলুতল ডুবি, চনাই ডুবি, সাপেখাটী, নাদুৱা ডুবি, মাজি বিল, ওপৰঘূলি, বৰঘূলি, কাপোৰ পোৰা, নলদুৱাৰ বিল, প’ৰাম বিল, ধোৱাডুবি, সৰলা ডুবী, কলিতা ডুবি, যোগীঘূলি, খাৰজান, ঔ-ডুবি বিল, পিঠাখোৱা বিল, গোবৰনী বিল, পানীবিল, এলেঙীবিল আদি আশীৰো অধিক বিল, ডুবি, ডোবাৰে মাজুলীৰ জলভূমি ভাগ গঠিত(Majuli wetlands conservation)।
লক্ষণীয়ভাবে এই সমস্ত বিল, ডুবি, ডোবা বৰ্তমান বিপদৰ গৰাহত। কোনোবাখন হয়তো বিভিন্ন কাৰণত নিশ্চিহ্ন হৈ পৰিছে আৰু যিখিনিৰ অস্বিত্ব আছে, সেয়া মেটেকা-পিতনিৰ মাজত হেৰাই যোৱাৰ উপক্ৰম হৈছে। দৰিয়া ডুবিক উদ্বাৰৰ বাবে জিলা আয়ুক্ত আৰু বিধায়ক গৰাকীয়ে যিদৰে তৎপৰতা দেখুৱাইছে, ঠিক একেদৰে লুপ্ত হোৱাৰ দিশে গতি কৰা মাজুলীৰ অন্যান্য বিল, ডুবি, জলাশয়সমূহ পৰিস্কাৰ কৰি এক নতুন ৰূপ দিব পাৰিলেহে মাজুলীৰ জৈৱ বৈচিত্ৰলৈ অহা বৃহৎ ভাবুকি প্ৰতিহত কৰিব পৰা যাব।
লগতে পঢ়ক: Nagaon Eviction Drive : মধ্য অসমত চতুৰ্থ দিনাও অব্যাহত উচ্ছেদ অভিযান

