নিউজ ডেস্কঃ ২৫ ডিচেম্বৰঃ খ্ৰীষ্টানধৰ্মাৱলম্বী লোক সকলৰ বাবে পৱিত্ৰ বৰদিন। প্ৰতিবছৰে ২৫ ডিচেম্বৰটো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে বৰদিন পালন কৰে। ‘দ্যা নিউজ চৰ্ছ ডট ইন’ ৰ পাঠক সকলৰ বাবে আমি জনাব বিচাৰিছো পৱিত্ৰ বৰদিনৰ কেইটামান অজানা কথা…..(Christmas Unknown Facts )
১/প্ৰতি বছৰে ২৫ ডিচেম্বৰ তাৰিখে পালন কৰা হয়—এই দিনটো ৰোমান কেথলিক গীৰ্জাই যীশুৰ জন্মদিন হিচাপে নিৰ্ধাৰণ কৰিছে(Christmas Unknown Facts)। কিন্তু প্ৰকৃততে যীশু খ্ৰীষ্ট কেতিয়া জন্ম লৈছিল, সেই সঠিক তাৰিখটো আজিলৈকে কোনোৱেও নিশ্চিতভাৱে নাজানে (Jesus Birth Date)।
২/ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে বৰদিন বা খ্ৰীষ্টমাছ ২৫ ডিচেম্বৰত উদযাপন নকৰে। ৰাছিয়া, গ্ৰীছ আদিৰ বহু গোড়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ৭ জানুৱাৰী বৰদিন উদযাপন কৰে (Christmas Celebration Worldwide)।
৩/ খ্ৰীষ্টমাছ (Christmas) নামটো পুৰণি ইংৰাজী বাক্যাংশ Cristes maesse ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে খ্ৰীষ্টৰ প্ৰাৰ্থনা সভা (Christ’s mass)।
৪/ খ্ৰীষ্টমাছ বা বৰদিনক বহুতে ‘Xmas’ বুলিও কয়। ‘X’ বুলিলে গ্ৰীক বৰ্ণমালাৰ ‘Chi’ অক্ষৰক বুজোৱা হয়—যি গ্ৰীক ভাষাত ‘খ্ৰীষ্ট’ শব্দটোৰ প্ৰথম আখৰ। সেয়ে এক্স মাছ বুলি কোৱা হয়।
৫/ বৰদিনত শিশু সকলক চান্টা ক্লজে উপহাৰ প্ৰদান কৰে। চান্টা ক্লজ ( Santa Claus) শিশু সকলৰ অতি প্ৰিয়।এই চান্টা ক্লজ শব্দটো নেডাৰলেণ্ডৰ ডাছ ভাষাৰ শব্দ Sinterklaasৰ পৰা আহিছে।যিটোৰ অৰ্থ হৈছে Saint Nicholas । সন্ত নিকোলাচ এজন খ্ৰীষ্টান ধৰ্মাৱলম্বী বিচপ। চতুৰ্থ শতিকাৰ এই বিচপজন শিশুৰ প্ৰিয় আছিল (Santa Claus History)। তেওঁ শিশু সকলৰ ৰক্ষাকাৰী হৈ পৰে।
৬/ চান্টা ক্লজৰ দৰে আন এক চৰিত্ৰ হৈছে লা বেফানা (La Befana)। লা বেফানা এজনী দয়ালু ডাইনী । যি ঝাড়ুৰ ওপৰত উঠি উৰি আহি শিশুসকলক উপহাৰ দিয়ে। এই চৰিত্ৰটো ইটালীত বিখ্যাত ।
৭/ জানেনে? Jingle Bells ১৮৫৭ চনত লিখা হৈছিল । ইয়াৰ মূল নাম আছিল One Horse Open Sleigh। এই গানটো লিখা হৈছিল আমেৰিকাৰ এটা উৎসৱ — থেংক্ছগিভিং (Thanksgiving) উপলক্ষে। গানটো ৰচনা কৰিছিল James Lord Pierpont য়ে।
৮/ আপুনি জানেনে ? ১৬৪৪ চনত ইংলেণ্ডত বৰদিন উদ্যাপন কৰাটো নিষিদ্ধ ঘোষণা কৰা হৈছিল। একেদৰে আমেৰিকাত থকা ইংৰাজ উপনিবেশসমূহতো এই নিষেধাজ্ঞা প্ৰযোজ্য কৰা হয়। প্ৰায় ২০ বছৰৰ পাছতহে বৰদিন পুনৰ পালন কৰা হয়।
সকলোলৈকে বৰদিনৰ শুভেচ্ছা জনালো……

