Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

বটদ্ৰৱাঃ বটদ্ৰৱাত নৱনিৰ্মিত আবিৰ্ভাৱ ক্ষেত্ৰ সোমবাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক পাটৰ চেলেং, পাটৰ গামোচা, গুৰু আসনৰ ফটোৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি উদ্যোক্তা সকলে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী জনক আদৰণি জনোৱাৰ উদ্দেশ্যে গায়ন বায়নৰ খোল বাদন, আয়তীসকলৰ নাম, বৰঢোল বাদন আদি প্ৰদৰ্শন হয়। অনুষ্ঠানৰ প্ৰথমে নগাঁও- বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে (Batadrava Project Inauguration) ।

গোপীনাথ বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱাক অমিত শ্বাহৰ স্মৰণঃ

ভাৰতৰত্ন, প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়,”নগাঁৱলৈ আহিবলৈ পোৱাটো যিকোনো ব্যক্তিৰ বাবে সৌভাগ্য । মোৰ বাবে বিশেষ সৌভাগ্য ।”
ভাৰতৰত্ন গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, স্বাধীনতা সেনানী কনকলতাকো স্মৰণ কৰি তেওঁ কয় যে-গোপীনাথ বৰদলৈ নথকা হলে উত্তৰ পূৰ্বাঞ্চলখন ভাৰতত নাথাকিলে হয় । গোপীনাথ বৰদলৈ সেইজন ব্যক্তি যিজন ব্যক্তিয়ে অসমক ভাৰতৰ লগত ৰাখিবৰ বাবে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক বাধ্য কৰিছিল (Amit Shah Batadrava)।

আবিৰ্ভাৱ ক্ষেত্ৰলৈ আহিলে সময় থমকি ৰবঃ শ্বাহ

ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “যি স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল সেই স্থানৰ পৰা অনন্ত কাললৈ নৱ বৈষ্ণৱ ধৰ্মৰ গংগা বৈ থাকিব। শ্ৰীমদভাগৱত অধ্যয়ন কৰি ইয়াৰ কাহিনীভাগ বহুত সুন্দৰভাৱে ইয়াত প্ৰকাশ কৰা হৈছে। এই আবিৰ্ভাৱ ক্ষেত্ৰলৈ আহিলে সময় থমকি ৰ’ব আৰু পুনৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰী চৰণৰ স্পৰ্শ অনুভূত কৰাব (Bordowa Abirbhav Kshetra)। এই ঠাই কেৱল ঠাই নহয়, ৫০০ বছৰ ধৰি আমাক একত্ৰিত কৰি ৰখাৰ স্থান।”

২০২০ চনত আবিৰ্ভাৱ ক্ষেত্ৰৰ ভূমি পূজনৰ কথা তেওঁ স্মৰণ কৰে। শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভাগৱতক প্ৰতিষ্ঠা কৰি তেও কয়, “ভাগৱতে দিয়া শিক্ষাৰে ভাল জীৱন যাপন কৰা, ভক্তি মাৰ্গত চলা আৰু নিজৰ দেশক ভাল পাবলৈ তেওঁ শিকাইছিল। এই পৱিত্ৰ স্থান কেৱল নামঘৰ বা উপাসনা গৃহ নহয়।অসমীয়া সদ্ভাৱনাৰ জীৱন প্ৰতীক‌। ই আমাৰ সংস্কৃতিক আগুৱাই নিয়া আৰু সামূহিক ভক্তিৰ স্থান। যি সকলে ভাৰতক বিভক্ত কৰিব বিচাৰে তেওঁলোকক শ্ৰীমন্ত শংকৰদেৱে ৫০০ বছৰৰ পূৰ্বেই এখন ভাৰতৰ বাৰ্তা দিছিল। যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়াই নিছে।”

কংগ্ৰেছক সমালোচনা শ্বাহৰঃ

কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, “১৯৮৩ চনত কংগ্ৰেছে আই এম ডি টি আইন আনি অনুপ্ৰৱেশকাৰীক সংস্থাপিত কৰাৰ আইনী অধীকাৰ দিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পৱিত্ৰ স্থানৰ পৰা সংকল্প লৈছো কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ পৰা অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই বহিস্কাৰ কৰা হ’ব। তেওঁ বিজেপি চৰকাৰে ১ লাখৰো অধিক ভূমি বাংলাদেশীৰ পৰা বেদখলমুক্ত কৰা বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে লগতে কয়, “কংগ্ৰেছ চৰকাৰে অসম আন্দোলনৰ শ্বহীদৰ বাবে একো কাম কৰা নাই। কিন্তু বিজেপি শ্বহীদ স্মৃতি নিৰ্মাণ কৰিছে। প্ৰথম পাঁচ বছৰ সৰ্বানন্দৰ নেতৃত্বত আৰু পৰৱৰ্তী পাঁচ বছৰ হিমন্তৰ বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সোণালী সময় হৈছে।” তেওঁ লগতে এইদৰেও কয়, “এটা সময়ত অসমত যুৱকে হাতত বন্দুক লৈ ৰক্তাক্ত পৰিবেশ কৰিছিল। কিন্তু মোদীৰ নেতৃত্বত বিভিন্ন বিদ্ৰোহী সংগঠনৰ লগত আলোচনাত বহা হৈছে। যিখন অসমত এসময়ত বোমাৰ শব্দ শুনা যায়, সেইখন অসমত বৰ্তমান শ্ৰীমন্ত শংকৰদেৱৰ নামৰ ধ্বনিৰে কাণ পৱিত্ৰ হয়। বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা আলোচনা কেৱল কাগজতে সীমাবদ্ধ নহয়। এই আলোচনাসমূহৰ ৯২ শতাংশই সফল হৈছে। পুনৰ যদি বিজেপি চৰকাৰ আহে এই আলোচনা এশ শতাংশ সফল হ’ব। পূৰ্বোত্তৰৰ বিকাশৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সম্ভৱপৰ সকলোখিনি কৰিছে।”

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, “নৰেন্দ্ৰ মোদীয়ে ১১ বছৰত ৮০ বাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছে। অসমলৈ ১১ বছৰত ৩৬ বাৰ আহিছে। ইয়াৰ বিপৰীতে ৰাজ্যসভালৈ পঠিওৱাৰ পিচতো ১০ বছৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিং মাত্ৰ ৭ বাৰ অসমলৈ আহিছিল । কংগ্ৰেছৰ বাবে অসমৰ বিকাশ, অসমৰ সংস্কৃতি, অসমৰ শান্তি কেৱল ভাষণতহে আছিল। নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত লাচিত বৰফুকনৰ জীৱনী সকলো ভাষাতেই প্ৰচাৰ কৰা হৈছে, বৃন্দাবনী বস্ত্ৰকো প্ৰদৰ্শনীৰ জৰিয়তে বিশ্বত প্ৰতিষ্ঠা কৰা হৈছে।”

গুৰুজনাৰ আদৰ্শৰেই অসমীয়া জাতিয়ে বিশ্বৰ বুকুত আধ্যাত্মিক পৰিচয় দিবলৈ সক্ষম হৈছেঃ সৰ্বানন্দ সোণোৱাল

প্ৰায় ৬০ সহস্ৰ লোক উপস্থিত থকা সভাখনত ভাষণ প্ৰদান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুণানুকীৰ্তন কৰিবলৈ আমি আজি সমবেত হৈছো। এইগৰাকী গুৰুৱে আমাক জীৱনৰ পথত কেনেদৰে অগ্ৰসৰ হ’ব লাগে, সমাজ পাতি শৃংখলাবদ্ধভাৱে কেনেদৰে আমি আমাক সুচাৰুৰূপে আগুৱাই নিব লাগে আৰু প্ৰাণী জগতৰ প্ৰতি দায়বদ্ধতাৰে কেনেদৰে মানৱ ধৰ্ম পালন কৰিব লাগে, এইবিলাক কথা গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে শক্তিশালীভাবে প্ৰদান কৰি গৈছে। গুৰুজনাৰ আদৰ্শৰেই অসমীয়া জাতিয়ে বিশ্বৰ বুকুত আধ্যাত্মিক পৰিচয়, সাংস্কৃতিক পৰিচয় দিবলৈ সক্ষম হৈছে।গুৰুজনাৰ প্ৰতি কোটি কোটি প্ৰণাম।”

সোণোৱালে লগতে কয়-‘ এখন সমাজক আধ্যাত্মিক চেতনাৰে জাগ্ৰত কৰিবলৈ গুৰুজনাই আধ্যাত্মিকভাৱে শাৰীৰিকভাৱে জীৱনযোৰা সাধনাত মগ্ন হৈছিল। তাৰ ফলশ্ৰুতিতে আমি জ্ঞানৰ পোহৰ পাইছো। ভক্তিৰ অনুভুতি আয়ত্ব কৰিছো আৰু অসমীয়া সমাজখনে বিভিন্ন ক্ষেত্ৰত নিজৰ ব্যক্তিত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ কাৰ্যকালত এই মহত্বপূৰ্ণ স্থানখিনি ক্ষতিগ্ৰস্ত হৈছিল ।”

কংগ্ৰেছৰ কাৰ্যকালত ভক্তপ্ৰাণ ৰাইজ আতংকত থাকিবলগীয়া হৈছিল বুলিও মন্তব্য কৰি সোণোৱালে কয়, “সন্দেহযুক্ত বিদেশীৰ বেদখলৰ বাবে এই পৱিত্ৰ স্থানৰ সীমা সংকুচিত হৈছিল। সেই সময়ত সত্ৰাধিকাৰসকলে কংগ্ৰেছ চৰকাৰক আবেদন কৰাৰ পিচতো কোনোদিনেই কংগ্ৰেছ চৰকাৰে গুৰুত্ব নিদিলে। ভোটবেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত অবৈধ বিদেশীক এই স্থানত সুৰক্ষা দিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিচত এই স্থান বিদেশীমুক্ত কৰি উজ্জীৱিত কৰাৰ সংকল্প ললে। ২০১৬ চনত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হওতে প্ৰধানমন্ত্ৰীয়ে সত্ৰ, মন্দিৰ আদিৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে নিৰ্দেশ দিছিল। সেয়ে ২০১৬ চনৰ পৰা ২০২৫ চনলৈকে এই উচ্ছেদ অভিযান নিৰন্তৰ ভাৱে চলোৱা হ’ল। সেই সময়ত আমি মুখ্যমন্ত্ৰী হৈ থাকোতেই বৰদোৱা থানলৈ আহিলো আৰু সত্ৰাধিকাৰ প্ৰভূসকলৰ সৈতে কথাপাতি এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিলো। লগতে এই স্থান যাতে বিশ্বৰ এক শক্তিশালী ঐতিহ্যক্ষেত্ৰ হয় সেয়ে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলো।’

অচিনাকী লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিওঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

সভাখনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমীয়া জাতি আজি সংকটাপূৰ্ণ। চাৰিওফালে আমি এচাম মানুহৰ দ্বাৰা পৰিবেষ্টিতহৈ আছো। যি সকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায়। অসমৰ ধৰ্মনিৰপেক্ষ বুলি নিজকে কোৱা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক তুলনা কৰে । মই তেওঁলোকক সোঁৱৰাই দিব বিচাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা। তেওঁলোকৰ লগত কোনো নাম সংলগ্ন নহ’ব। শংকৰ-মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা। সূৰ্য-চন্দ্ৰ জীয়াই থকালৈকে আমাৰ গুৰুদুজনা আমাৰ মাজত জীয়াই থাকিব।”

বিজেপি চৰকাৰে বিকাশৰ গংগা নমাই আনিছে বুলি কৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মন্তব্য, “বিকাশৰ লগতে জাতিৰ পৰিচয় তথা অস্তিত্বও থাকিব লাগিব। জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ কোনো মূল্য থাকিব নোৱাৰে। বিকাশ আৰু জাতিৰ পৰিচয় একেলগে হলেহে অসমীয়া জাতি মহাজাতিত পৰিণত হব।”

অচিনাকী লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিও বুলি কৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মন্তব্য, “এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তি পৰিণত হ’ব। এই আবিৰ্ভাৱ ক্ষেত্ৰ আধ্যাত্মিকতাৰ প্ৰতীক নহয়, ই অসমীয়া জাতিৰ স্বাভিমানৰো প্ৰতীক। ই অসমীয়া জাতিক সাহস দিব, শক্তি দিব আৰু জাতিটোক জীয়াই থকাৰ প্ৰেৰণা দিব।” অচিনাকি মানুহক আঁতৰি যোৱাৰ আহ্বান জনাই চৰকাৰে কাকো ৰেহাই নিদিয়ে বুলি কয়। তেওঁ আজি প্ৰাপ্তিৰ দিনটোত সোণোৱাল আৰু তেওঁ বিশাল আনন্দ লাভ কৰাৰ কথাও কয়।

বটদ্ৰৱা প্ৰকল্প মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পিয়ুষ হাজৰিকা, বিমল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ টাচা, বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে(Batadrava Project Assam)।

লগতে পঢ়কঃ Batadrava Cultural Project: আবিৰ্ভাৱ ক্ষেত্ৰঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত ন ৰূপত উজলিব বটদ্ৰৱা


Advertisement