জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা সন্দৰ্ভত মন্তব্য আঙুৰলতা ডেকাৰজুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা সন্দৰ্ভত মন্তব্য আঙুৰলতা ডেকাৰ

গুৱাহাটী: অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামা সম্পৰ্কত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই এই অভিযোগনামাখন এখন শক্তিশালী অভিযোগনামা বুলি মন্তব্য কৰে।তেওঁ কয় যে-পৰৱৰ্তী সময়ত আইনে পদক্ষেপ লব।

কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ দৃষ্টিত জুবিন দাৰ মৃত্যুৰ বাবে দায়ী সকলৰ জীয়াই থকাৰ অধিকাৰ নাই।তেওঁক ইয়াৰ পৰা নিয়া আৰু চিংগাপুৰত লগত থকা আৰু তেওঁক অবহেলা কৰা প্ৰত্যেকেই দায়ী।শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অভিযোগনামা সম্পৰ্কত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কয় যে-প্ৰত্যেকৰে দৃষ্টিভংগী সুকীয়া সুকীয়া।সকলোৰে বাক স্বাধীনতা আছে। আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আছে।বিশেষ তদন্তকাৰী গোটে নিৰন্তৰ কাম কৰি আছে।

জুবিন দাৰ ঘটনাৰ সম্পৰ্কত তেওঁলোকে কেতিয়াও গাফিলতি নকৰে বুলি বিশ্বাস আছে।জুবিন গাৰ্গৰ লগত থকা সকলে তেওঁক চূড়ান্ত অবহেলা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *