নিউজ ডেস্ক: শেহতীয়াকৈ ৰাজ্যৰ বিশেষকৈ উজনি অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে। জুলাই মাহৰ মাজভাগলৈকে ১৬ খন জিলাত প্ৰায় ২.৩ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে আৰু মৃত্যুৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাইছে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটত সাম্প্ৰতিক মৃত্যুৰ সংখ্যা অধিক হোৱা বুলি জানিব পৰা গৈছে।
তথ্য অনুসৰি, শেহতীয়া বানে উজনি অসমৰ বহু গাঁও প্লাৱিত কৰাৰ উপৰিও খেতি-বাতিৰ যথেষ্ট ক্ষতিসাধন হৈছে আৰু হাজাৰ হাজাৰ লোক অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় লবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাৰ উপৰিও উদ্ধাৰ আৰু সাহাৰ্য বিতৰণৰ কাম নিজে পৰ্যালোচনা কৰি আহিছে।
বদৰুদ্দিন আজমলৰ সাহাৰ্য ঘোষণা:
বানৰ এই সংকটময় মুহূৰ্তত আই ইউ ডিএফ নেতা বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাৰ্ত লোকসকলৰ বাবে ১ কোটি টকা সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে। ঘোষণাৰ লগে লগে পোনে পোনে শিৱসাগৰলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমল। উজনি অসমত থাকি সাহাৰ্য বিতৰণৰ ব্যৱস্থা কৰিব বুলি জনাইছে তেওঁ।
শিৱসাগৰ জিলাত বানৰ প্ৰভাৱ তীব্ৰ হোৱাত আজমলে ঘোষণা কৰি কৈছে যে এই ধন শিৱসাগৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত সঠিকভাৱে বিতৰণ কৰা হ’ব।
চৰকাৰী পদক্ষেপ:
উজনি অসমত বানে সংহাৰ ৰূপ ধাৰণ কৰাত বুধবাৰে পুৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হৈছে উজনি অসমত। উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ উদ্ধাৰ, আশ্রয় আৰু সাহাৰ্য্যৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰাধিকাৰ দিয়া হৈছে। এছ ডি এম এ ৰ তথ্য অনুসৰি বহু জিলাত ৰিলিফ শিবিৰ স্থাপন কৰা হৈছে আৰু খাদ্য, পানী, চিকিৎসা সামগ্ৰী বিতৰণ অব্যাহত আছে।