গুৱাহাটী: অসমত অব্যাহত বানৰ প্ৰকোপে ৰাজ্যখনক অত্যন্ত ক্ষতিগ্ৰস্ত কৰি তুলিছে। বৰ্তমানে ১২ খন জিলাত বানৰ তাণ্ডৱ একপ্ৰকাৰ অব্যাহত আছে। ইয়াৰ ফলত ৰাজ্যখনৰ ৮৫৬ খন গাঁও প্লাবিত হৈছে আৰু প্ৰায় ৭ লাখ ৫ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হৈছে।


প্লাবিত জিলাসমূহ: 


এইবাৰ বানত গোলাঘাট, হোজাই, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, কামৰূপ (মেট্ৰ'পলিটান), কাৰ্বি আংলং, বিশ্বনাথ, ধেমাজি আৰু শোণিতপুৰ জিলা আক্ৰান্ত হৈছে।


বানত আক্ৰান্ত  ৰাজহ চক্ৰ: ৩৭টা


বানত আক্ৰান্তৰ সংখ্যা: 


চলিত বৰ্ষৰ বানত ৰাজ্যখনৰ ১২ খন জিলাৰ  ৭,০৫,১৪৮ গৰাকী লোক প্ৰত্যক্ষভাৱে আক্ৰান্ত হৈছে। 


কৃষি ক্ষেত্ৰত ক্ষতি: 


চলিত বৰ্ষৰ বানত ৰাজ্যৰ ৫৬,৬০৬.৭৭ হেক্টৰ মাটিত থকা শস্য সম্পূৰ্ণৰূপে অথৱা আংশিকভাৱে নষ্ট হৈছে।


মানুহৰ প্ৰাণহানি:


বানত আক্রান্ত হৈ বছৰটোৰ শেহতীয়া চৰকাৰী তথ্য অনুসৰি মুঠ ৬১ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে।  


নগৰীয় বান পৰিস্থিতি: 


কামৰূপ আৰু কামৰূপ (মেট্ৰ'পলিটান) জিলাত নগৰীয় বানে ১০টা ৱাৰ্ড প্লাৱিত কৰিছে। ইয়াত প্ৰায় ১৪,৯৮৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত পানী সোমাই পৰাত বাট-ঘাট, বাসগৃহ আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহত জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে।


প্ৰশাসন আৰু সহায়ৰ পদক্ষেপ: 


ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনে বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহাৰ্য বিতৰণ অভিযান তীব্ৰতাৰে চলাইছে। বহু ঠাইত সেনাবাহিনী, এনডিআৰএফ আৰু এছ ডি আৰ এফৰ দল মোতায়েন কৰা হৈছে। বানত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। 


কৃষকসকলৰ বাবে এই বান অত্যন্ত দুৰ্যোগজনক। হাজাৰ হাজাৰ হেক্টৰ ধাননি, শাক-পাচলি আৰু অন্যান্য খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱাত কৃষি অৰ্থনীতিত বৃহৎ ধ্বংসৰ আশংকাই দেখা দিছে।


উল্লেখযোগ্য যে, উজনি অসমৰ বানাক্ৰান্তক চৰকাৰৰ উপৰিও এ আই ইও ডি এফ নেতা বদৰুদ্দিন আজমলৰ লগতে বিভিন্ন দল সংগঠনে সাহাৰ্য্য বিতৰণ অব্যাহত ৰাখিছে।