নগাঁওঃ অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে (Assam Flood Issue)।
পৰিষদে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে বিজ্ঞানসন্মত ভাবে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা স্থায়ী সমাধানৰ ব্যৱস্থা কৰা , শেহতীয়াকৈ অসমত বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপুৰণ দিয়া আৰু বানখহনীয়াত ক্ষতিগ্ৰস্ত কৃষকৰ কৃষিঋণ ৰেহাই দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিষদৰ নেতা কৰ্মী সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। কাৰ্য়সূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা ,সাধাৰণ সম্পাদক হেমন্ত দাসকে ধৰি ভালেসংখ্যক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অন্তত পৰিষদৰ নগাঁও জিলা সমিতিয়ে উল্লিখিত দাবীৰ সমৰ্থনত জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
লগতে পঢ়কঃ কাৰ্বি পাহাৰৰ প্ৰায় ১৫ খন গাঁৱৰ ৰাইজৰ নাই বিশুদ্ধ খোৱাপানী,নাই পকী ঘৰ,নাই দলং,নাই পথ