গুৱাহাটী: ৰাজ্যত বান পৰিস্থিতি কিছু উন্নতিৰ দিশে আগবাঢ়িলেও এতিয়াও ১১খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (ASDMA)-ৰ শেহতীয়া তথ্য অনুসৰি, গোলাঘাট, হোজাই, কামৰূপ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, কামৰূপ মহানগৰ, কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাত বানৰ তাণ্ডব অব্যাহত আছে।
বৰ্তমান বানত ৰাজ্যৰ ৩৭টা ৰাজহ চক্ৰৰ ৮৮৩খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত মুঠ ৭,২১,০২৪ জন লোক প্ৰভাৱিত হৈছে। ইয়াৰ উপৰিও, প্ৰায় ২৫,৩৭৫.৪৪ হেক্টৰ কৃষিভূমি পানীত ডুব যোৱাত কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে।
বান জনিত দুৰ্ঘটনাত এইবাৰ ৬ জন লোকে প্ৰাণ হেৰুৱাইছে, যাৰ ভিতৰত শিৱসাগৰ জিলাত ৪ জন আৰু চৰাইদেউ জিলাৰ ২ জন।
ইফালে, নগৰীয়া জলাবদ্ধতাৰ সমস্যাও সম্পূৰ্ণৰূপে আঁতৰা নাই। কামৰূপ, কামৰূপ মহানগৰ আৰু ডিব্ৰুগড়—এই তিনিখন জিলাৰ ৫টা ৰাজহ চক্ৰৰ ১৭টা স্থান অথৱা ৱাৰ্ডত জলাবদ্ধতাৰ প্ৰভাৱ পৰিছে। ইয়াত ৫৯২ জন লোক প্ৰভাৱিত হৈছে।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ বান আৰু ভূমিস্খলনজনিত ঘটনাত এতিয়ালৈকে ৰাজ্যজুৰি মুঠ মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পাইছে।
ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু উদ্ধাৰকাৰী সংস্থাসমূহে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ, সাহায্য আৰু পুনৰ্সংস্থাপন কাৰ্য অব্যাহত ৰাখিছে।
ইফালে এইবাৰৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা উজনি অসমৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি গৈছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। বিগত প্ৰায় তিনিদিনে উজনি অসমত বাহৰ পাতি বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য আগবঢ়াইছে বদৰুদ্দিন আজমলে।