গুৱাহাটী: ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নতিৰ দিশে আগবাঢ়িলেও এতিয়াও অসমৰ ১০খন জিলাত বানৰ প্ৰভাৱ অব্যাহত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)-ৰ শেহতীয়া তথ্য অনুসৰি, গোলাঘাট, চৰাইদেউ, কামৰূপ, হোজাই, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে।

বৰ্তমান বানৰ ফলত ২৮টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৮১০খন গাঁও প্লাৱিত হৈ আছে। এই বানত ৬,৫৪,৮৩৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, বানৰ ফলত ৩৪,৯৭০.৮০ হেক্টৰ কৃষিভূমি পানীৰ তলত ডুব যোৱাত কৃষকসকলৰ ব্যাপক ক্ষতিগ্ৰস্ত হৈছে।

শেহতীয়া প্ৰতিবেদন অনুসৰি, বানজনিত ঘটনাত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিৱসাগৰ জিলাত ৩ জন আৰু চৰাইদেউ জিলাত ১ জন

ইফালে, নগৰীয়া জলাবদ্ধতাৰ সমস্যাও সম্পূৰ্ণৰূপে আঁতৰা নাই। কামৰূপ আৰু কামৰূপ মহানগৰ এই দুখন জিলাৰ ২টা ৰাজহ চক্ৰৰ ২টা স্থান বা ৱাৰ্ডত জলাবদ্ধতাৰ প্ৰভাৱ অব্যাহত আছে। এই জলাবদ্ধতাৰ ফলত ৮৬ জন লোক প্ৰভাৱিত হৈছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষত বান আৰু নগৰীয়া জলাবদ্ধতাজনিত ঘটনাত এতিয়ালৈকে বানত ৬৫ জন আৰু নগৰীয়া জলাবদ্ধতাত ১ জনসহ মুঠ ৬৬ জন লোকে প্ৰাণ হেৰুৱাইছে।

ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু উদ্ধাৰকাৰী সংস্থাসমূহে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ, সাহায্য বিতৰণ আৰু পুনৰ্সংস্থাপন কাৰ্য অব্যাহত ৰাখিছে।

বানত আক্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ, প্ৰশাসনৰ লগতে বিভিন্ন অনুষ্ঠান, দল সংগঠনেও চেষ্টা অব্যাহত ৰাখিছে। উজনি অসমৰ বান পৰিস্থিতিৰ ওপৰত ৰাজ্যৰ মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিজে দৃষ্টি ৰাখিছে। ইতিমধ্যেই বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি বানাক্ৰান্তসকলক পৰ্যাপ্ত সহায়ৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে বানাক্ৰান্ত ৰাইজক আশ্বাস প্ৰদান কৰে।