গুৱাহাটীঃ অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও অব্যাহত আছে বানৰ সংহাৰ ৷ এই পৰ্যন্ত বানত ৬৮জন লোকৰ মৃত্যু হৈছে আৰু ৫.২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । চৰাইদেউ জিলাত সৰ্বাধিক প্ৰায় ১.৯ লাখ লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰ জিলাত ১.৫ লাখ আৰু যোৰহাট জিলাত প্ৰায় ১.৪ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দেওবাৰৰ মাজনিশা দৈনিক বান সম্বন্ধীয় বুলেটিত এই তথ্য সদৰী কৰে ৷

দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান সম্বন্ধীয় বুলেটিনত প্ৰকাশ কৰা অনুসৰি দেওবাৰে বানত চৰাইদেও জিলাত পুনৰ ২ জন লোকৰ মৃত্যু হয় ৷ চৰাইদেউ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, হোজাই, কামৰূপ, নগাঁও, কামৰূপ (ম) আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় ২৪ টা ৰাজহ চক্ৰৰ ৭৬৩ খন গাঁও বৰ্তমানো বানৰ কৱলত আছে আৰু ৪৮,৭৪২.০৯ হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হৈছে । নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেৰে বৈ আছে । প্ৰশাসনে ১০৯ টা সাহায্য শিবিৰ আৰু ২৪৫ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে আৰু এই সাহাৰ্য শিবিৰত প্ৰায় ৩৭,৭২৪ জন লোকে আশ্ৰয় লৈ আছে ৷

প্ৰাধিকৰণে বান সম্বন্ধীয় বুলেটিত উল্লেখ কৰা তথ্য অনুসৰি বানৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন হৈছে । ইফালে বান প্রভাবিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে । সেনা, এনডিআৰএফ, এছডিআৰএফ, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বাহিনী, আৰক্ষীকে ধৰি কেইবাটাও সংস্থাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷বানৰ ফলত ৮৮,২৪০ টা ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰা ক্ষতিগ্ৰস্ত হৈছে আৰু ৫৭৯ টা বানত উটি গৈছে ৷