হোজাই: নেপালত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। নেপালত সংঘটিত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন হৈ পৰিছে হোজাই জিলাৰ ডবকাৰ এজন যুৱক। সন্ধানহীন যুৱকজন  হোজাই জিলাৰ ডবকাৰ হিন্দু ব্লক গাঁৱৰ শ্বতদল নাথ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, প্ৰায় আঠ মাহ পূৰ্বে কৰ্মসূত্ৰে নেপাললৈ গৈছিল শ্বতদল নাথ। নেপালৰ এটা বিদ্যুৎ যোগান কোম্পানীত কৰ্মৰত আছিল যুৱকজন।

ঘটনাৰ দিনা নিশাৰ শ্বিফ্টত কৰ্তব্য সম্পন্ন কৰি পুৱতি নিশা নিজৰ ৰুমলৈ উভতি আহি শুইছিল শ্বতদল নাথ। ইয়াৰ পাছতে হঠাৎ অহা প্ৰবল পানীৰ সোঁতে তেওঁ থকা ৰুমটো উটুৱাই লৈ যায়। জানিব পৰা মতে, একেটা ৰুমত থকা প্ৰায় ১৪গৰাকী লোকো ভয়ংকৰ পানীৰ সোঁতত উটি যায়।


ইফালে, সৌভাগ্যক্ৰমে এই ভয়ংকৰ দুৰ্যোগৰ পৰা প্ৰাণ ৰক্ষা পৰে ডবকাৰ আন এগৰাকী যুৱক তথা শ্বতদল নাথৰ সতীৰ্থ কৰ্মচাৰী গৌতম দাসৰ। ঘটনাৰ সময়ত গৌতম দাস কৰ্তব্যত থকাৰ বাবে ৰুমত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে।


ঘটনাৰ পাছতে গৌতম দাসে ফোনযোগে পৰিয়ালৰ লোকক সমগ্ৰ বিষয়টো অৱগত কৰে। এই খবৰ লাভ কৰাৰ পাছৰে পৰা শ্বতদল নাথৰ পৰিয়ালত সৃষ্টি হৈছে গভীৰ উদ্বেগ আৰু উৎকণ্ঠাৰ পৰিৱেশ। প্ৰিয়জনৰ কোনো সন্ধান নোপোৱাত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।


বৰ্তমান শ্বতদল নাথক উদ্ধাৰ কৰাৰ আশাত উদ্ধাৰ অভিযানৰ দিশে অধীৰ আগ্ৰহেৰে বাট চাইছে পৰিয়ালটোৱে।