নগাঁও: নগাঁও জিলাত আইন-শৃংখলা পৰিস্থিতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩-ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে। জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ দেৱাশীষ শৰ্মাই বৃহস্পতিবাৰে এই নিষেধাজ্ঞামূলক নিৰ্দেশ জাৰি কৰে।

জাৰি কৰা নিৰ্দেশ অনুসৰি, প্ৰশাসনৰ পূৰ্বানুমতি অবিহনে কোনো ব্যক্তি বা সংগঠনে ধৰ্ণা, প্ৰতিবাদ, সমদল, পথ অৱৰোধ বা জনশৃংখলা বিঘ্নিত কৰিব পৰা কোনো ধৰণৰ ৰাজহুৱা সমাৱেশ আয়োজন বা অংশগ্ৰহণ কৰিব নোৱাৰিব।

ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, চিকিৎসালয়, ৰে'ল ষ্টেচন, বাছ টাৰ্মিনেল আদি গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰাও নিষিদ্ধ কৰা হৈছে। প্ৰতিবাদ বা সমাৱেশৰ সময়ত অস্ত্ৰ, লাঠি, লোহাৰ ৰড, বিস্ফোৰক সামগ্ৰী বা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যিকোনো বস্তু বহন কৰাও এই নিৰ্দেশত নিষিদ্ধ কৰা হৈছে।

জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে, সাম্প্ৰতিক সময়ত কিছুমান সংগঠনে নগাঁও জিলাৰ বিভিন্ন স্থানত প্ৰতিবাদ, সমদল আৰু পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ তথ্য লাভ কৰাৰ লগতে জনশৃংখলা বিঘ্নিত হোৱাৰ আশংকা সৃষ্টি হোৱাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, নগাঁৱত ককৰ’জ পাৰ্টীয়ে অনুষ্ঠিত কৰা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে এই নিষেধাজ্ঞামূলক নিৰ্দেশ জাৰি কৰিছে। জনসাধাৰণক আইন মানি চলিবলৈ আৰু শান্তি-শৃংখলা বজাই ৰখাত প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে এই নিৰ্দেশনাৰ জৰিয়তে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে হঠাৎ নগাঁৱৰ ৰাজপথলৈ ওলাই আহি একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদৰ নামত সৃষ্টি কৰিছিল এক উত্তপ্ত পৰিস্থিতিৰ। যাৰ বাবে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক ভিডিঅ বাৰ্তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কাৰো প্ৰৰোচনাত বিপথে পৰিচালিত নহবলৈ অনুৰোধ জনাবলগীয়া হৈছিল।