নগাঁও : বাল্য বিবাহ কৰি বিপদত পৰিছে এগৰাকী ৱাৰ্ড সদস্য। বাল্য বিবাহত জড়িত থকাৰ অভিযোগত ৱাৰ্ড সদস্যৰ নিৰ্বাচিত পদো হেৰুৱাবলগীয়া হৈছে ৱাৰ্ড সদস্যগৰাকীয়ে। 


বাল্য বিবাহত জড়িত হৈ গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদ হেৰুৱালে নগাঁও জিলাৰ মহেৰিপাৰ গাওঁ পঞ্চায়তৰ সদস্য আজিজুৰ ৰহমানে। জিলাখনৰ বগৰিগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত উক্ত গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যজনে নিৰ্বাচনৰ সময়ত নথি জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হোৱাত জিলা আয়ুক্তৰ নিৰ্দেশক্ৰমে কৰা তদন্তত এই কথা স্পষ্ট হয় যে, তেওঁ নাবালক অৱস্থাতে এটি সন্তানৰ পিতৃ হৈছিল। 


নথি পৰীক্ষাত দেখা গ'ল যে তেওঁৰ জন্ম হৈছিল ১৯৯৯ চনৰ ৩১ জানুৱাৰীত, আৰু তেওঁৰ প্ৰথম সন্তানৰ জন্ম হৈছিল ২০১৬ চনৰ ৭ আগষ্টত। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ প্ৰতিবেদনৰ উপৰি সহকাৰী আয়ুক্তৰ তদন্তত এই কথা স্পষ্ট হৈ পৰাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জাৰী কৰা এক আদেশ মৰ্মে তেওঁৰ সদস্যপদ খাৰিজ কৰে। বৰ্তমান উক্ত ৱাৰ্ডটো খালী হৈ থকা বুলি ঘোষণা কৰা হৈছে।