নগাঁও : বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ নৱম বাৰ্ষিক সমাৰোহ উপলক্ষ্যে শণিবাৰে বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰৰ মুকলি মঞ্চত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা আৰু চিত্ৰকলাৰ ভূয়সী প্ৰশংসা কৰে।
তেওঁ নিজৰ ভাষণত কয় যে, চিত্ৰকলা হ'ল মানুহৰ মনৰ ভাব প্ৰকাশ কৰাৰ এক অনন্য মাধ্যম, যিয়ে সমাজলৈ যোগাত্মক বাৰ্তা কঢ়িয়াই আনে। শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাৰ দৰে এক ঐতিহাসিক স্থানত নতুন প্ৰজন্মৰ মাজত এনেদৰে কলা-সংস্কৃতিৰ চৰ্চা চলাই থকাৰ বাবে তেওঁ বটদ্ৰৱা চিত্ৰকলা বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনবোৰত এই যাত্ৰা আৰু অধিক সফলতাৰে আগুৱাই লৈ যাবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে বিদ্যালয়খনৰ কেইবাগৰাকী উদীয়মান শিক্ষাৰ্থীয়ে নিজৰ তুলিকাৰে অকা কেইবাখনো আকৰ্ষণীয় চিত্ৰ জিলা আয়ুক্তক উপহাৰ হিচাপে প্ৰদান কৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ এই অনন্য সৃষ্টিশীলতাত আপ্লুত হৈ জিলা আয়ুক্তগৰাকীয়ৃভে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত অঞ্চলটোৰ কলা-প্ৰেমী ৰাইজ, অভিভাৱক আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।