নিউজ ডেস্ক: নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিষ্ঠা, সততা আৰু জনমুখী প্ৰশাসনৰ এক উজ্জ্বল দৃষ্টান্ত দাঙি ধৰি ৰাজ্যজুৰি বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ জনসেৱা প্ৰশাসক বঁটা।
আই এ এছ বিষয়া দেৱাশীষ শৰ্মাৰ দক্ষ নেতৃত্ব, সময়োপযোগী সিদ্ধান্ত আৰু সাধাৰণ ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ফলপ্ৰসূ পদক্ষেপৰ স্বীকৃতি স্বৰূপে ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ, ক্ৰীড়া অনুষ্ঠান ষ্টুডেণ্ট কেডেট কৰ্পছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক ২০২৬ বৰ্ষৰ শ্ৰেষ্ঠ জনসেৱা প্ৰশাসকৰ বঁটা প্ৰদান কৰে।
এই সন্মান কেৱল এগৰাকী প্ৰশাসনিক বিষয়াৰ সাফল্য নহয়, বৰঞ্চ নগাঁও জিলাৰ সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাৰ জনকল্যাণমূলক কাম-কাজৰ এক গৌৰৱময় স্বীকৃতি হিছাপে বিবেচিত হৈছে।
দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা দেৱাশীষ শৰ্মাই নগাঁও জিলাৰ উন্নয়ন আৰু জনসেৱাক অগ্ৰাধিকাৰ দি একাধিক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ বানপীড়িত অঞ্চলত নিজে উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰাৰ লগতে সাহায্য শিবিৰসমূহৰ ব্যৱস্থা সুসংহত কৰি অসংখ্য দুৰ্যোগপীড়িত লোকক তাৎক্ষণিক সহায়ৰ হাত আগবঢ়াইছে।
নগাঁৱত জিলা আয়ুক্ত হিচাপে যোগদান কৰাৰ পাছৰে পৰা শিক্ষা ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে দক্ষ আই এ এছ বিষয়া দেৱাশীষ শৰ্মাই। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত উপস্থিত হৈ শিক্ষাৰ্থীসকলক গুণগত শিক্ষাৰ প্ৰতি উৎসাহিত কৰাৰ লগতে বিজ্ঞান, গণিত, সংস্কৃতি আৰু ক্ৰীড়াৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ধিং মহাবিদ্যালয়, বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়, গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা আদি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ শিক্ষাৰ্থীসকলক মূল্যবোধ, সৃজনশীলতা আৰু সমাজসেৱাৰ প্ৰতি উদ্বুদ্ধ কৰে।
জনঅভিযোগ নিষ্পত্তি, ৰাজহুৱা সেৱাৰ মান উন্নীতকৰণ, চৰকাৰী আঁচনিৰ সফল ৰূপায়ণ, স্বাস্থ্য, কৃষি, উদ্যোগ, মহিলা সৱলীকৰণ, দুৰ্যোগ ব্যৱস্থাপনা, পথ সুৰক্ষা আৰু আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা বিশেষভাৱে প্ৰশংসিত হৈছে নগাঁৱত।
বিশেষকৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যোগিতা অভিযান (MMUA) আঁচনি, চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা সমাধান, আন্তঃবিভাগীয় সমন্বয়, দ্ৰুত প্ৰশাসনিক সিদ্ধান্ত আৰু ৰাইজৰ সৈতে নিয়মীয়া যোগাযোগে নগাঁও জিলাত এক দায়িত্বশীল প্ৰশাসনৰ পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।
জিলা আয়ুক্ত হিচাপে তেওঁ সদায় "Field Administration"-ক গুৰুত্ব দি কাৰ্যালয়ৰ ভিতৰত সীমাবদ্ধ নাথাকি গাঁও, বিদ্যালয়, বানাক্ৰান্ত অঞ্চল, চাহ বাগিচা, কৃষিক্ষেত্ৰ আৰু বিভিন্ন চৰকাৰী অনুষ্ঠানত উপস্থিত হৈ বাস্তৱ সমস্যা বুজি তাৎক্ষণিক সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই মানৱীয় দৃষ্টিভংগী আৰু কৰ্মনিষ্ঠাই তেওঁক সাধাৰণ ৰাইজৰ মাজত এজন জনপ্ৰিয় আৰু বিশ্বাসযোগ্য প্ৰশাসক হিচাপে প্ৰতিষ্ঠা কৰিছে।
"শ্ৰেষ্ঠ জনসেৱা প্ৰশাসক বঁটা–২০২৬" লাভে জিলা আয়ুক্তগৰাকীৰ নিষ্ঠাপূৰ্ণ জনসেৱা, সততা, কৰ্মদক্ষতা আৰু উন্নয়নমুখী নেতৃত্বৰ এক উজ্জ্বল স্বীকৃতি হিচাপে বিবেচিত হৈছে। এই সন্মানে তেওঁক ভৱিষ্যতেও অধিক উৎসাহ আৰু দায়িত্ববোধেৰে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰিবলৈ অনুপ্ৰেৰণা যোগাব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
নগাঁও জিলাৰ বিভিন্ন স্তৰৰ ৰাইজ, সামাজিক-সাংস্কৃতিক সংগঠন, শিক্ষাবিদ, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু শুভাকাঙ্ক্ষীসকলে এই কৃতিত্বৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁৰ নেতৃত্বত নগাঁও জিলাই আগন্তুক দিনতো উন্নয়ন, সুশাসন আৰু জনসেৱাৰ ক্ষেত্ৰত নতুন নতুন মাইলৰ খুঁটি স্থাপন কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।
এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ ওপৰিও মানৱতাক মূলমন্ত্ৰ হিচাপে লৈ ব্যক্তিগতভাৱেও বহু লোকক সহায়ৰ হাত আগবঢ়াই আহিছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বিশেষকৈ কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সকলক দীপশিখা ফাউণ্ডেচনৰ জৰিয়তে সহায় কৰি বহুতৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।