নগাঁও : ধিং মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সংগীত শিল্পী চামছুদ্দিন আহমেদৰ পবিত্ৰ সোঁৱৰণত উৎসৰ্গিত এই বিশেষ কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।
অনুষ্ঠানত জিলা আয়ুক্তই উপস্থিত শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত নিষ্ঠাৰে আগবাঢ়ি যোৱাৰ লগতে কলা-সংস্কৃতি আৰু সৃষ্টিশীল চৰ্চাৰ জৰিয়তে সমাজলৈ সকাৰাত্মক অৱদান আগবঢ়াবলৈ আহ্বান জনায়। সমাজ গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়েও তেখেতে কেতবোৰ পৰামৰ্শ প্ৰদান কৰে।
উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা "প্ৰজন্ম" শীৰ্ষক এক প্ৰদৰ্শনী শিল্পকলা কেন্দ্ৰ জিলা আয়ুক্তই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিক্ষাৰ্থীসকলৰ এই ব্যতিক্ৰমী আৰু সৃষ্টিশীল প্ৰয়াসৰ তেওঁ ভূয়সী প্ৰশংসা কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
এই বিশেষ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাসকল, কৰ্মচাৰীসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু অগণন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।