গুৱাহাটী: কৰ্কট ৰোগত আক্ৰান্ত ৰোগী তথা শিশুৰ মুখত হাঁহি বিৰিঙাই তোলাৰ লগতে তেওঁলোকৰ চিকিৎসা আৰু যত্নৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই অহা দীপশিখা ফাউণ্ডেশ্যনত শুকুৰবাৰে সন্ধিয়া সৃষ্টি হ’ল এক আৱেগিক আৰু স্মৰণীয় পৰিৱেশ। ফাউণ্ডেশ্যনৰ কণ কণ শিশুসকলে কেক কাটি অভিনন্দন জনালে নগাঁৱৰ নৱনিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাক। শিশুসকলৰ মৰম, আন্তৰিকতা আৰু সৰলতাৰে ভৰা এই মুহূৰ্তই সকলোৰে মন স্পৰ্শ কৰি তোলে।
গুৱাহাটীৰ ছয়মাইলস্থিত দীপশিখা ফাউণ্ডেশ্যনৰ চৌহদত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীত ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক দেৱাশীষ শৰ্মাই শিশুসকলৰ সৈতে কিছু সময় অতিবাহিত কৰে। জীৱনৰ কঠিন সময়ৰ সৈতে যুঁজ দি থকা কণ কণ শিশুসকলৰ মাজত এনে এক আনন্দময় পৰিৱেশে কিছু সময়ৰ বাবে এক অনন্য পৰিবেশৰ সৃষ্টি কৰে।
কৰ্কট ৰোগৰ দৰে জটিল ব্যাধিৰ সৈতে যুঁজ দিয়া শিশুসকলৰ বাবে চিকিৎসাৰ সমান্তৰালকৈ মানসিক সাহস, মৰম আৰু আন্তৰিক সহযোগিতাও অত্যন্ত গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত শিশুসকলৰ সৈতে কেক কাটি আনন্দৰ মুহূৰ্ত ভাগ-বতৰা কৰাৰ এই কাৰ্যসূচীয়ে মানৱীয় সম্পৰ্কৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
দীপশিখা ফাউণ্ডেশ্যন কেৱল এটা প্ৰতিষ্ঠানেই নহয়, বৰঞ্চ কৰ্কট ৰোগত আক্ৰান্ত বহু শিশুৰ বাবে আশাৰ এক নিৰ্ভৰযোগ্য ঠিকনা। জটিল ৰোগৰ সৈতে যুঁজ দি থকা শিশুসকলক সহায়-সহযোগিতা আগবঢ়োৱা আৰু তেওঁলোকৰ জীৱনলৈ আশাৰ পোহৰ কঢ়িয়াই অনাৰ ক্ষেত্ৰত ফাউণ্ডেশ্যনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
শুকুৰবাৰে সন্ধিয়াৰ এই কাৰ্যসূচীত শিশুসকলৰ উচ্চাহ আৰু আন্তৰিকতাই এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে। সাংসদ হিচাপে নতুন দায়িত্ব লাভ কৰাৰ পাছত শিশুসকলৰ সৈতে কটোৱা এই সময় দেৱাশীষ শৰ্মাৰ বাবেও এক বিশেষ মুহূৰ্ত হিচাপে বিবেচিত হয়।
ৰাজনৈতিক পৰিচয়ৰ ঊৰ্ধ্বত মানৱীয় সম্পৰ্ক, মৰম আৰু সেৱাৰ মনোভাৱ যে মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ, দীপশিখা ফাউণ্ডেশ্যনৰ এই দৃশ্যই যেন সেই কথাকে পুনৰ এবাৰ প্ৰতিফলিত কৰিলে। শিশুসকলৰ মুখৰ হাঁহি আৰু তেওঁলোকৰ আন্তৰিক অভিনন্দনেৰে জীপাল হৈ উঠা শুক্ৰবাৰৰ এই সন্ধিয়াটো উপস্থিতসকলৰ বাবে হৈ ৰ’ল এক স্মৰণীয় অভিজ্ঞতা।
উল্লখযোগ্য যে, আজিৰ পৰা প্ৰায় ২২ বছৰ পুৰ্বে অসহায় কৰ্কট ৰোগীক সহায় কৰাব উদ্দেশ্যে বৰ্তমানৰ সাংসদ দেৱাশীষ শৰ্মাই প্ৰতিষ্ঠা কৰিছিল দীপশিখা ফাউণ্ডেশ্যনৰ।
শুক্ৰবাৰৰ কাৰ্যসূচীত উপস্থিত থাকে কামৰূপৰ জিলা আয়ুক্তও।