গুৱাহাটী: উজনি অসমৰ শেহতীয়া ভয়ংকৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ দুখ-দুৰ্দশা স্বচক্ষে দেখি আৱেগিক হৈ পৰিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। গৃহহীন, খাদ্য সংকটত ভুগি থকা আৰু সকলো হেৰুৱাই অনিশ্চয়তাৰ মাজত দিন কটোৱা বানপীড়িত লোকসকলৰ কৰুণ অৱস্থা দেখি কান্দোনত ভাগি পৰে দীপলিনা ডেকা। এই দৃশ্যই উপস্থিত বহুজনকো আৱেগিক কৰি তোলে।
বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় দি দীপলিনা ডেকাই তেওঁলোকৰ সৈতে মত-বিনিময় কৰাৰ লগতে তেওঁলোকৰ সমস্যাৰ বিষয়ে বুজ লয়। এই সময়ছোৱাত তেওঁ নিজ হাতেৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, শুকান আহাৰ, পানী, বস্ত্ৰ আদি সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। সাহাৰ্য লাভ কৰি বহু বানাক্ৰান্তই শিল্পীগৰাকীৰ এই মানৱীয় পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
বানৰ বিভীষিকাই বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ, জীৱ-জন্তু আৰু জীৱিকা ধ্বংস কৰি পেলোৱাত বহু লোক এতিয়া আশ্ৰয় শিবিৰত অথৱা মুকলি আকাশৰ তলত দিন কটাবলগীয়া হৈছে। এনে হৃদয়বিদাৰক পৰিস্থিতি দেখি দীপলিনা ডেকাই আৱেগিক কণ্ঠৰে কয় যে, "মানুহৰ এই কষ্ট দেখি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। এই দুখ কেৱল দেখাৰ বিষয় নহয়, সকলোৱে একেলগে আগবাঢ়ি আহি তেওঁলোকৰ কাষত থিয় দিব লাগিব।"
তেওঁ সমাজৰ সকলো সক্ষম ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন, শিল্পী সমাজ আৰু বিভিন্ন প্ৰতিষ্ঠানক বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয়, এই দুৰ্যোগৰ সময়ত মানৱীয়তা আৰু সহমৰ্মিতাই আটাইতকৈ ডাঙৰ শক্তি।
দীপলিনা ডেকাৰ এই মানৱীয় পদক্ষেপ সামাজিক মাধ্যমতো ব্যাপক প্ৰশংসিত হৈছে। বহু লোকে তেওঁৰ সাহাৰ্যৰ হাত আগবঢ়োৱাৰ মানসিকতা আৰু বানপীড়িতৰ প্ৰতি দেখুওৱা আন্তৰিক সহমৰ্মিতাক প্ৰশংসা কৰি কয় যে, এনে উদ্যোগে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে আৰু আনকো দুৰ্যোগপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ অনুপ্ৰাণিত কৰে।