নগাঁও: সমাজ কল্যাণ বিভাগৰ ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত প্ৰাক শৈশৱ যতন আৰু শিক্ষা দিৱস উদযাপন। ৰহা খণ্ডৰ ১৬টা পঞ্চায়তৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকা সকলৰ অংশগ্ৰহণত অনুষ্ঠিত হয় এই ECCE DAY । TLM অৰ্থাৎ TEACHING LEARNING METHODৰ জড়িয়তে কিদৰে ছাত্ৰ ছাত্ৰী সকলক পঢ়োৱা হয় তাৰ এক প্ৰদৰ্শনী দাঙি ধৰে প্ৰতিটো পঞ্চায়তৰ অংগনবাড়ী কৰ্মী সহায়িকা সকলে।
উক্ত অনুষ্ঠানতে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। লগতে সেই সভাৰ জড়িয়তে ছাত্ৰ ছাত্ৰী সকলৰ যতন আৰু শিক্ষা সন্দৰ্ভত অভিভাৱক সকলৰ সৈতে মত বিনিময় কৰে শিশু উন্নয়ন প্ৰকল্প বিষয় অনামিকা বৰ্মনে। উক্ত সভাত উপস্থিত থাকে ৰহা সম জিলাৰ সহ আয়ুক্ত অৰুণাভ বৰুৱা, হাটবৰ পঞ্চায়তৰ সভাপতি দ্বীপেন কোঁৱৰ, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰঠাকুৰ। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই ঘাঁহি আৰু দিঘলীআটি পঞ্চায়তৰ মুখ্য সেৱিকা ৰশ্মি ৰেখা শইকীয়াই।