নগাঁওঃ বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসক সোমবাৰে প্ৰদান কৰা হয় অমূল্য মান্না বঁটা (Amulya Manna Award)। অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি, ফটোগ্ৰাফী ইন্সটিটিউট অৱ অসম আৰু ইউ বি ফটোজৰ উদ্যোগত নগাঁও কল্লোল ভৱনত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই। এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু নগদ ধন ২০ হাজাৰ টকা।
এই বঁটা গ্ৰহণ কৰি তপন দাসে আৱেগিক হৈ কয়,” বঁটা গ্ৰহণ কৰি মই ধন্য মানিছো। এইয়া জীৱনৰ এক গুৰুত্বপূৰ্ণ মূহুৰ্ত। কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মোৰ শব্দৰ অভাৱ।” প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী প্ৰয়াত অমূল্য মান্নাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, “অমূল্য মান্না আমাৰ বাবে আলোকচিত্ৰ জগতৰ পথ প্ৰদৰ্শক আছিল।”
দাসে ফটাগ্ৰাফী কলা অন্য কলাতকৈ পৃথক বুলি মন্তব্য কৰে। যি সকলে ফটোগ্ৰাফী কলা হিচাপে লয়, সেই সকলে যি ফটো তোলে সেইয়া সম্পূৰ্ণ নিজৰ বুলি ভাবি লয়। যিহেতু তেওঁ ফটোখন বিক্ৰীৰ বাবে তোলা নাই, সেয়ে নিজৰ ইচ্ছা অনুযায়ী পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে।”
তেওঁ ভাষন প্ৰসংগত কয়, “১৯৭২ চনত সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই মই এটা কেমেৰা কিনিছিলো ৷ মোৰ দুৰন্ত হেঁপাহ আছিল এজন ভাল ফটোগ্ৰাফাৰ হোৱাৰ ৷ ফটোগ্ৰাফাৰ হোৱাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই সপোনত নভবা কথা এটা আজি বাস্তৱত দেখিবলৈ পাইছোঁ ৷ শ্ৰদ্ধাৰ অমূল্য মান্না ছাৰৰ ছাত্ৰ ন’হলেও আজি তেখেতৰ মহাপ্ৰয়াণৰ শ্ৰদ্ধাঞ্জলিৰ এই পবিত্ৰ দিনটোত তেখেতৰ নামত উচৰ্গা কৰা বঁটা প্ৰাপ্তিয়ে মোক যেন মোৰ কামৰ স্বীকৃতি প্ৰদান কৰিলে এই অনুভৱেই হৈছে ৷”
ফটোগ্ৰাফী শিকিবলৈ কলা সুলভ মন থাকিব লাগিব বুলি মন্তব্য কৰি দাসে কয়, “মানুহ নিৰোগী হৈ থকাৰ আন এটা মহৌষধ ফটোগ্ৰাফী ৷ ইয়াৰ দ্বাৰা মানুহ চিৰ সেউজ হৈ থাকিব পাৰে।” প্ৰসঙ্গক্ৰমে আলোকচিত্ৰ শিল্পী তপন দাসে বৰ্তমানলৈকে ১৬ খন চিনেমাৰ স্থিৰচিত্ৰ গ্ৰহণ কৰাৰ সন্দৰ্ভত শ্ৰুতিমধুৰ ভাষণৰত কেমেৰাত বন্দী কৰা ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে দোহাৰি সকলোকে আকৰ্ষিত কৰি তোলে ৷
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত অমূল্য মান্নাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অমূল্য মান্নাৰ একালৰ সহযোগী বিশিষ্ট শিল্পী তাৰিনী মোহন শৰ্মাই। ইয়াৰ পিচতেই সদ্যপ্ৰয়াত অসমৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়। আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ নাতিনী অভিনন্দা মান্নাই এটা গনেশ বন্দনাৰে সভাৰ আৰম্ভণি কৰে।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট অনুবাদক কৃষ্ণ দুলাল বৰুৱাই ভাষন প্ৰসংগত অমূল্য মান্নাৰ জীৱনৰ ওপৰত ৰেখাপাত কৰে। তেওঁ অমূল্য মান্না অসমৰ প্ৰথমজন ফটো সাংবাদিক আৰু সাংস্কৃতিক সংৱাদসেৱাৰ বাটকটীয়া বুলি মননশীল বক্তব্য আগবঢ়ায় ৷
স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই ফটোগ্ৰাফী ইন্সটিটিউটৰ অধ্যক্ষ অৰূপ মান্নাই।
অনুষ্ঠানটোত নৌচাদ আখতাৰ হাজৰিকা, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকী, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জীতেন বৰকটকী, অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়া, নাট্যকাৰ অজিত বৰঠাকুৰ, সুৰজিৎ গোস্বামী,গকুল চেত্ৰী, সপোনটি বৰদলৈ, মুৰুলী শৰ্মা, প্ৰাঞ্জল বৰদলৈ, উজ্জ্বল বৰুৱা, প্ৰতীক ভট্টাচাৰ্য, বিপুল কুমাৰ বৰা,উজ্জ্বল জ্যোতি দাস, কানু লস্কৰ, নৃপেন শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে৷
লগতে পঢ়কঃ আলোকচিত্ৰ শিল্পী তপন দাসলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা
