Waheeda Rehman Dismisses Communal Angle in AR Rahman Bollywood Controversyএ আৰ ৰহমানৰ সাম্প্ৰদায়িক বিভাজনৰ অভিযোগ নস্যাৎ প্ৰৱীন অভিনেত্ৰী ৱাহিদা ৰহমানৰ

এন্টাৰটেইনমেন্ট ডেস্কঃ অস্কাৰজয়ী সংগীত পৰিচালক এ আৰ ৰহমানে বলিউডত তেওঁ কাম লাভ নকৰাৰ আঁৰত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি থকা বুলি কৰা অভিযোগক নস্যাৎ কৰিছে বলিউডৰে জনপ্ৰিয় প্ৰৱীন অভিনেত্ৰী ৱাহিদা ৰহমানে (AR Rahman Bollywood Controversy)।

কিছুদিনৰ পূৰ্বে প্ৰখ্যাত সংগীত শিল্পী এ আৰ ৰহমানে বিগত আঠ বছৰত দেশৰ শাসন ক্ষমতা সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত বলিউডৰ বহু কাম লাভ কৰা নাই বুলি মন্তব্য কৰিছিল। জনপ্ৰিয় সংগীত শিল্পীজনৰ এই মন্তব্যই সমগ্র দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বলিউডৰ লগতে ৰাজনৈতিক মহলতো ই চৰ্চা লাভ কৰিছিল।

সংগীত অনুৰাগী সকল দুটা ভাগত বিভক্তহৈ পৰিছিল। এটা অংশই এ আৰ ৰহমানৰ সমৰ্থনত প্ৰশ্ন উত্থাপন কৰিছিল যে-ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবেই এ আৰ ৰহমানে বলিউডত কাম পোৱা নাই নেকি? বলিউডতো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ প্ৰভাৱ পৰিছে নেকি?

ইয়াৰ বিপৰীতে বিজেপিৰ সমৰ্থক সকলে এ আৰ ৰহমানৰ এই অভিযোগ নস্যাৎ কৰি শাহৰুখ খান, ছলমান খান আৰু আমিৰ খানে অদ্যপি বলিউডৰ অভিনয় জগতত সবল স্থিতি বৰ্তাই ৰখাৰ উদাহৰণ দিছিল।

ইয়াৰ মাজতে বলিউডৰ প্ৰৱীন অভিনেত্ৰী ৱাহিদা ৰহমানে এ আৰ ৰহমানক পৰামৰ্শ প্ৰদান কৰি কয়, “এইবোৰ বিতৰ্কলৈ মই মন দিব নোখোজোঁ। কাৰণ সকলো দেশতেই এনেধৰণৰ সৰু-সুৰা ঘটনা ঘটিয়েই থাকে। বিষয়টো মই বেছি গভীৰভাৱে আলোচনা কৰিব নোখোজোঁ। তথাপিও মই এটা কথাই কম, শান্তিত থাকক। এইখন আমাৰ দেশ। সুখী হৈ থাকক। মোৰ এই বয়সৰ অভিজ্ঞতাৰ আধাৰত মই মাত্ৰ ইয়াকে ক’ব বিচাৰোঁ।”

বলিউডৰ চলচ্চিত্ৰ উদ্যোগটো মূলতঃ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰি প্ৰৱীন অভিনেত্ৰী গৰাকীয়ে কয় , ” চলচ্চিত্ৰ উদ্যোগটো ধৰ্মৰ ওপৰত নিৰ্ভৰশীল নহয়। শিল্পক শিল্প হিচাপেই চোৱা উচিত । অযথা ৰাজনৈতিক বা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে চলচ্চিত্ৰ জগতক বিভাজিত কৰা উচিত নহয়।”

জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে এ আৰ ৰহমানৰ প্ৰসংগত কয়, “সময়ৰ পৰিবৰ্তন বাবেই হয়তো বলিউডত ৰহমানৰ কামৰ পৰিমাণ কিছু কমি আহিছে। ইয়াৰ আঁৰত ধৰ্মীয় কোনো কাৰণ নাথাকিবও পাৰে। কামৰ গ্ৰাফ উঠা-নমা কৰাটো স্বাভাৱিক। সময়ৰ পৰিবৰ্তনৰ লগে লগে দৰ্শকৰ ৰুচি সলনি হয়। তেতিয়া কোনোবাই কামৰ আমন্ত্ৰণ পায় আৰু ইয়াৰ বিপৰীতে আন বহুজন পিছপৰিও যায়। যদি কোনোবাই সাফল্যৰ শীৰ্ষত থাকি এইটো ভাবে যে সদায় তেওঁকেই কাম দিয়া হ’ব, তেন্তে সেয়া সম্ভৱ নহয়। চলচ্চিত্ৰ উদ্যোগত এইবোৰ ঘটি আহিছে। এইটো নতুন কথা নহয়।”

অস্কাৰজয়ী জনপ্ৰিয় সংগীত শিল্পী এ আৰ ৰহমানে বলিউডত তেওঁ সংগীত পৰিচালনাৰ দায়িত্ব লাভ নকৰাৰ আঁৰত ৰাজনৈতিক কাৰণ তথা সাম্প্ৰদায়িক বিভাজন নীতি থাকিব পাৰে বুলি অভিযোগ কৰাৰ পিচত এ আৰ ৰহমানৰ অভিযোগক এক প্ৰকাৰ নস্যাৎ কৰি জনপ্ৰিয় অভিনেত্ৰী ৱাহিদা ৰহমানে কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ।

লগতে পঢ়কঃ ধুৰন্ধৰ-ক মধ্য-প্ৰাচ্যত নিষিদ্ধ কৰাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে ছবি নিৰ্মাতা সন্থাই


Advertisement