Nagaon DC Debashish Sharma Pays Tribute to Parash Pathar with Bengali Songবাংলা বেণ্ড সংগীত পৰশ পাথৰক শ্ৰদ্ধাঞ্জলি জনাই আই এ এছ বিষয়া দেৱাশীষ শৰ্মাৰ কণ্ঠত বাংলা গীত

নিউজ ডেস্কঃ বাংলা সংগীত জগতৰ জনপ্ৰিয় বেণ্ড পৰশ পাথৰক শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰা হয় বাংলা গীত (Parash Pathar Tribute Song)। এগৰাকী আই এ এছ বিষয়াৰ কণ্ঠত বাংলা গীতটিৰ অডিঅ মুকলি হোৱাৰ পাছতেই একপ্ৰকাৰ আলোড়নৰ সৃষ্টি হৈছে সংগীত জগতত। বৰ্তমান নগাঁৱৰ জিলা আয়ুক্ত হিচাপে কৰ্মৰত আই এ এছ বিষয়া দেৱাশীষ শৰ্মাই প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰা বাংলা গীত হৈছে”স্বপ্নেৰ মায়াজাল ।”

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ কণ্ঠত মুক্তি লাভ কৰা গীতটো ইতিমধ্যে সংগীতপ্ৰেমীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৱেগিক উপস্থাপন আৰু হৃদয়স্পৰ্শী কণ্ঠৰে গীতটোৰ জৰিয়তে জিলা আয়ুক্তগৰাকীয়ে পৰশ পাথৰৰ সংগীতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে।

সংগীত আৰু সংস্কৃতিৰ প্ৰতি বিশেষ অনুৰাগ থকা দেৱাশীষ শৰ্মাৰ এই প্ৰচেষ্টাই বাংলা বেণ্ড সংগীতৰ সোণালী যুগৰ স্মৃতি পুনৰ সজীৱ কৰি তুলিছে। বিশেষকৈ পৰেশ পাথৰৰ অনুৰাগীসকলৰ মাজত এই সংগীতটোৱে বিশেষ সঁহাৰি লাভ কৰিছে।

পৰাশ পাথৰ হৈছে বাংলা বেণ্ড সংগীতৰ জগতৰ এক জনপ্ৰিয় আৰু বিশেষ নাম। ৯০ দশকত কলকাতাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই বেণ্ডটোৱে বাংলা আধুনিক ৰক সংগীতক নতুন ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেই সময়ত যেতিয়া বাংলা বেণ্ড সংগীত ক্ৰমান্ময়ে নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠিছিল, তেতিয়া পৰেশ পাথৰে নিজৰ সুৰ, কথা আৰু উপস্থাপনৰ বাবে ব্যতিক্ৰমী পৰিচয় গঢ়ি তুলিছিল।

বেণ্ডটোৰ গানসমূহত প্রেম, দুখ-বেদনা, স্বপ্ন, সমাজৰ বাস্তৱ ছবি আৰু যুৱপ্ৰজন্মৰ অনুভূতি সুন্দৰভাৱে প্ৰতিফলিত হয়। বিশেষকৈ গানৰ কথাবোৰ সহজ কিন্তু হৃদয়স্পৰ্শী হোৱাৰ বাবে বহু মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। গীটাৰ, ড্ৰামছ আৰু আধুনিক ৰক বাদ্যযন্ত্ৰৰ সৈতে বাংলা গীতৰ এক অনন্য মিশ্ৰণ Parash Pathar-ক বেলেগ স্থান দিছিল।

তেওঁলোকৰ কেইবাটাও গান আজিও সংগীতপ্ৰেমীৰ মাজত অতি জনপ্ৰিয়। বিশেষকৈ “Megher Bou”, “Mon Amar”, “Ichhe Dana” আদি গানে বহু শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছে। এই গানসমূহত একেলগে প্রেম, আবেগ আৰু জীৱনৰ নানা অনুভূতি ফুটাই তোলা দেখা যায়।

৯০দশক আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়ত বাংলা বেণ্ড সংগীতৰ যি স্বৰ্ণযুগ আছিল, সেই যুগৰ অন্যতম সফল বেণ্ড হিচাপে পৰশ পাথৰক গণ্য কৰা হয়। তেওঁলোকৰ সংগীতে কেৱল পশ্চিমবঙ্গতেই নহয়, বাংলাদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাংলা সংগীতপ্ৰেমীৰ মাজতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল।

আজিও বহু মানুহে নষ্টালজিয়াৰ অনুভূতিৰে পৰশ পাথৰৰ গান শুনে। নতুন প্ৰজন্মৰ বহু সংগীতশিল্পীয়েও এই বেণ্ডৰ সংগীতৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে।

এগৰাকী দক্ষ আই এ এছ বিষয়া হিচাপে ব্যস্ততাপূৰ্ণ কৰ্তব্য পালন কৰাৰ পাছতো সামাজিক দায়িত্ব পালনৰ উপৰিও সংগীত জগতত নিজৰ আধিপাত্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা সৰ্বত্ৰে হৈছে প্ৰশংসিত।

লগতে পঢ়কঃ শ্বলংকিৰিৰ উদ্যোগত কইনা কন্দা শিলত নাট মহোৎসৱ


Advertisement