Bollywood Actor Rajpal Yadav Surrenders at Tihar Jail in Check Bounce Caseতিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱৰ

নিউজ ডেস্কঃ এক চেক বাউন্স হোৱা গোচৰত অভিযুক্ত হোৱা বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে (Rajpal Yadav Tihar Jail Surrender)। বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বলিউড অভিনেতা ৰাজপাল যাদৱৰ চেক বাউন্স গোচৰত কাৰাদণ্ডৰ পৰা হাত সাৰিবলৈ কৰা শেষ চেষ্টা খাৰিজ কৰে।ইয়াৰ পিছতে যাদৱে তিহাৰ জেলত আত্মসমৰ্পণ কৰিব বুলি জনায়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰৰ শুনানিত যাদৱ নিজে আদালতত উপস্থিত আছিল।যাদৱৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিজাত উপস্থিত হৈ কয় যে যাদৱে ২৫ লাখ পৰিশোধ কৰিবলৈ সাজু আৰু বাকী ধন পাছত পৰিশোধ কৰিব। বিনিময়ত তেওঁ অলপ সময় বিচাৰে, কিন্তু আদালতে এই আবেদন গ্ৰহণ নকৰিলে

ন্যায়াধীশ স্বৰ্ণা কান্ত শৰ্মাই কয় যে যাদৱে কালি (বুধবাৰে) আত্মসমৰ্পণ কৰিব লাগিছিল। সেইবাবে তেওঁ কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ নকৰালৈকে আদালতে তেওঁৰ শুনানি গ্ৰহণ নকৰে। ন্যায়াধীশ শৰ্মাই কয়, “আপুনি প্ৰথমে আত্মসমৰ্পণ কৰক, পিছৰখিনি পৰবৰ্তী সময়ত দেখিম।”

আদালতে স্পষ্ট কৰে যে অভিনেতাজনে আত্মসমৰ্পণ কৰাৰ পাছতহে আবেদন দাখিল কৰিব পাৰিব। নিজৰ আদেশত আদালতে মন্তব্য কৰে যে যিসকলে আইনক সন্মান আৰু মান্যতা নিদিয়ে, তেওঁলোকে আইনৰ পৰাও কোনো অনুগ্ৰহ আশা কৰিব নালাগে। আইনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা সকলকহে আইনে পুৰস্কৃত কৰে।

ন্যায়াধীশ শৰ্মাই কয় যে, যিজনে আইনৰ নিৰ্দেশনাক উপেক্ষা কৰি আহিছে, তেনে ব্যক্তিক নিৰন্তৰ ৰেহাই দি থাকিলে সমাজলৈ এই বাৰ্তা যাব যে আইন আৰু আদালতৰ নিৰ্দেশনাক বাৰে বাৰে অৱজ্ঞা কৰিলেও কোনো শাস্তি নহয়। এই আদালতে তেনে বাৰ্তা প্ৰেৰণ হ’বলৈ অনুমতি দিব নোৱাৰে।

ইয়াৰ পিছতে ৰাজপাল যাদৱৰ অধিবক্তা অভিজাতে কয় যে ৰাজপাল যাদৱে আজি ( বৃহস্পতিবাৰে) তিহাৰ জেলত আত্মসমৰ্পণ কৰিব।

উল্লেখযোগ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে যোৱা ২ ফেব্ৰুৱাৰীত চেক বাউন্স গোচৰত অভিযোগকাৰীক ধন পৰিশোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে অভিনেতা ৰাজপাল যাদৱক দুদিনৰ ভিতৰত কাৰাগাৰ অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু যাদৱে ৪ ফেব্ৰুৱাৰীলৈ সময় বৃদ্ধি কৰিবলৈ আবেদন দাখিল কৰিছিল। এই আবেদনখন আদালতে খাৰিজ কৰে। আদালতে স্পষ্ট কৰে যে যাদৱে আদালতক দিয়া সকলো আশ্বাসো পালন নকৰাৰ পিছতহে আত্মসমৰ্পণৰ নিৰ্দেশ জাৰি কৰা হৈছিল।

ঘটনাৰ পটভূমি

২০১০ চনত, অভিনেতা ৰাজপাল যাদৱে মুৰলী প্ৰজেক্টছ প্ৰাইভেট লিমিটেড পৰা ‘আটা পাটা লাপটা’ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ৫ কোটি ধন লৈছিল। তেওঁ ৮ কোটি পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, যি পাছত পাৰস্পৰিক বুজাবুজিৰ মাধ্যমে ৭ কোটিত সমাধান হয়। অভিযোগ অনুসৰি, ঋণ পৰিশোধৰ বাবে অভিনেতা যাদৱে দিয়া সাতখন চেক বাউন্স হয়।

ঘটনা সংক্ৰান্তত চলা গোচৰৰ পৰিপ্ৰেক্ষিতত ২০১৮ চনত মেট্ৰ’পলিটন মেজিষ্ট্ৰেটে ৰাজপাল যাদৱ আৰু তেওঁৰ পত্নীক নেগোচিয়েবল ইন্সট্ৰুমেণ্টছ এক্টৰ ধাৰা ১৩৮ৰ অধীন দোষী সাব্যস্ত কৰি ছয় মাহৰ কাৰাদণ্ড প্ৰদান কৰিছিল।

২০২৪ চনত পুনৰ ছেছনছ আদালতে তেওঁক ছয় মাহৰ কাৰাদণ্ড প্ৰদান কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ে বুজাবুজিৰ আশা কৰি এই ৰায় স্থগিত ৰাখিছিল।

যাদৱে অনুৰোধ কৰিছিল যে তেওঁ ২.৫ কোটি টক দুই কিস্তিত পৰিশোধ কৰিব ।২০২৫ চনৰ ১৬ ডিচেম্বৰ ৪০ লাখ আৰু বাকী ২.১ কোটি এই বছৰ ১৫ জানুৱাৰীত প্ৰদান কৰিব।

কিন্তু ইয়াৰ পিছতো অভিনেতা ৰাজপাল যাদৱে তেওঁৰ প্ৰতিশ্ৰুতি বাৰম্বাৰ ভংগ কৰাটো আদালতে লক্ষ্য কৰে।

আদালতে উল্লেখ কৰে যে কোনো ব্যক্তিৰ পেচা বা সামাজিক স্থিতিৰ ভিত্তিত বিশেষ ৰেহাই প্ৰদান কৰা ঠিক নহয়, কাৰণ অতিমাত্রা নমনীয়তাই সমাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰে।

আদালতে যাদৱৰ আচৰণক নিন্দা কৰে, উল্লেখ কৰে যে তেওঁ ধন পৰিশোধ কৰাৰ আৰু সমাধান কৰিবলৈ আশ্বাসৰ ভিত্তিত বাৰে বাৰে বিৰতি (adjournment) বিচাৰিছিল। অভিযোগকাৰী মুৰলী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ হৈ অধিবক্তা অৱনীত সিং সিক্কা আদালতত উপস্থিত আছিল।

লগতে পঢ়কঃ এ আৰ ৰহমানৰ সাম্প্ৰদায়িক বিভাজনৰ অভিযোগ নস্যাৎ প্ৰৱীন অভিনেত্ৰী ৱাহিদা ৰহমানৰ


Advertisement