নগাঁও : প্ৰয়াত বিশিষ্ট শিল্পী গুণ মহন্তৰ স্মৃতি আৰু আদৰ্শক সজীৱ কৰি ৰখাৰ উদ্দেশ্যে প্ৰদান কৰি অহা ‘গুণ মহন্ত বঁটা’ এইবাৰ অষ্টম বৰ্ষত এগৰাকী শিল্পী তথা নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মালৈ আগবঢ়োৱা হয়।
জিলাখনৰ পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত বৃহস্পতিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক এই সন্মান প্ৰদান কৰা হয়। প্ৰয়াত শিল্পী গুণ মহন্তৰ জ্যেষ্ঠ ভাতৃ ক্ষীৰদানন্দ মহন্তই জিলা আয়ুক্তগৰাকীৰ হাতত ‘গুণ মহন্ত বঁটা’ প্ৰদান কৰে।
বঁটা প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক গামোচা, চেলেং, শৰাই, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জনোৱা হয়। বঁটা গ্ৰহণ কৰি জিলা আয়ুক্তগৰাকীয়ে প্ৰয়াত শিল্পী গুণ মহন্তৰ নামত আগবঢ়োৱা এই সন্মান লাভ কৰি নিজকে ধন্য অনুভৱ কৰা বুলি উল্লেখ কৰে।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই গুণ মহন্তক মাটিৰ সৈতে গভীৰ সম্পৰ্ক থকা এগৰাকী সঁচা আৰু আত্মসম্মানী শিল্পী হিচাপে অভিহিত কৰে। তেওঁৰ মতে, অসমীয়া ভাওনা, ৰংগমঞ্চ আৰু চলচ্চিত্ৰ জগতৰ মাজত গুণ মহন্তই এক সুন্দৰ যোগসূত্ৰ স্থাপন কৰিছিল। অসমীয়া কলা-সংস্কৃতি, ভাষা আৰু সাহিত্যৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত এইগৰাকী শিল্পীয়ে কোনো বঁটা বা স্বীকৃতিৰ বাবে হাবিয়াস কৰা নাছিল বুলিও তেওঁ উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে। বিচাৰি লোৱা স্বীকৃতিৰ বিশেষ মূল্য নাথাকে—এই বিশ্বাসেৰে গুণ মহন্তই নিজৰ সৃষ্টিশীল কৰ্মৰ জৰিয়তে সমাজ আৰু সংস্কৃতিৰ প্ৰতি সেৱা আগবঢ়াই গৈছিল বুলি জিলা আয়ুক্তগৰাকীয়ে কয়।
সাংবাদিক প্ৰাঞ্জল বৰদলৈৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী আৰু ‘সুৰৰ পানচৈ’ শিল্পী সমাজৰ সভাপতি অনুপ বৰুৱাই প্ৰয়াত শিল্পী গুণ মহন্তৰ জীৱনাদৰ্শন আৰু শিল্পীসত্তাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ হৈ নৃত্যশিল্পী লখিমী মহন্তই উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱাৰ লগতে গুণ মহন্তৰ ব্যক্তিত্ব আৰু শিল্পী হিচাপে তেওঁৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে শিল্পী মিচিমি মহন্তই সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ শিক্ষাৰ্থীসকলে ‘কৃষ্ণ-গোপাল’ নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো অধিক মনোমোহা কৰি তোলে।
উল্লেখযোগ্য যে ২০১৯ চনৰ পৰা প্ৰদান কৰি অহা ‘গুণ মহন্ত বঁটা’ ইতিমধ্যে ক্ৰমে মুকুল দাস, নিৰঞ্জন শৰ্মা, নন্দ সিং বৰক’লা, চেতনা দাস, মাইনী মহন্ত, সমৰ হাজৰিকা আৰু যতীন গোস্বামীক প্ৰদান কৰা হৈছে। এইবাৰ অষ্টম বৰ্ষত শিল্পী তথা প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মালৈ এই সন্মান আগবঢ়োৱা হয়।
অনুষ্ঠানত সমাজকৰ্মী নৌচাদ আখতাৰ হাজৰিকা, নাট্যকাৰ জিতেন বৰা, সমাজকৰ্মী গম্ভীৰ নাথ, শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, ডা° চিন্তামণি হাজৰিকা, কণ্ঠশিল্পী সুৱাগমণি মহন্ত, অনন্ত কলিতা, মনোজ কুমাৰ শৰ্মা, মৃদুপৱন বৰা, গুণকান্ত শৰ্মা, নিজৰা শইকীয়া, ধৰ্মপ্ৰসাদ গোস্বামী, মনোৰঞ্জন বৰগোহাঁই, দীক্ষিত শৰ্মা, অপৰাজিতা ফুকন, মীনা বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।