গুৱাহাটী: গুৱাহাটী মহানগৰীৰ বৰা চাৰ্ভিছৰ সমীপৰ হোটেল বিলাসৰ লীজ চুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ভয়ংকৰ পৰিণতি। নিশা প্ৰায় ৯ বজাত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোক আহত হৈছে। আহত লোকজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই ঘটনাই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সদৰী কৰা তথ্য অনুসৰি, হোটেল বিলাসৰ লীজ চুক্তিক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ মাজতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাটোত হোটেলখনৰ মালিকপক্ষৰ একেটা পৰিয়ালৰ চাৰিগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত সংঘটিত এই ঘটনাই অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।

ইফালে, এই গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত ঘনকান্ত গগৈ নামৰ এজন লোকক কৰায়ত্ত কৰিছে মহানগৰ আৰক্ষীয়ে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি, অভিযুক্তজনে অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে গুলীচালনা কৰিছিল।

ঘটনাৰ প্ৰাথমিক অনুসন্ধানৰ অন্তত মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। লীজ চুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ প্ৰকৃত কাৰণ, গুলীচালনাৰ আঁৰৰ পৰিস্থিতি আৰু ঘটনাটোৰ সৈতে জড়িত আন আন দিশসমূহ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

এটা ব্যৱসায়িক চুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে এনেদৰে পাঁচগৰাকী লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ ঘটনাই মহানগৰীত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। এদিনৰ ভিতৰতেই ঘটনাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহাৰ সভৱনাও ব্যক্ত কৰিছে মহানগৰ আৰক্ষীয়ে।