Abhi Neel Murder Case: Victims’ Parents Demand Death Sentence for the Accusedল’ৰা দুটাক মৰিয়াই মৰিয়াই হত্যা কৰা পাষণ্ডকেইটাক ফাঁচী দিব লাগে: দাবী অভি নীলৰ পিতৃৰ

নগাঁওঃ প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে ৰাজ্য কপোৱা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়া (Abhi Neel Murder Case)। গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়া চূড়ান্ত হোৱাৰ প্ৰাকমুহূৰ্তত শনিবাৰে নগাঁও আদালতত উপস্থিত থাকি দোষীক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদান কৰাৰ দাবী জনায় অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ দুই পিতৃয়ে (Nagaon Court Murder Case)।

নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত চলি থকা গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়াৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া শনিবাৰে সম্পন্ন হয় (Assam Mob Lynching Case)। শনিবাৰে আদালতত অভিযুক্ত পক্ষৰ হৈ যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অভি, নীলৰ দুই পিতৃয়ে (Nilotpal Das Abhijit Nath)। অভিজিৎ, নিলোৎপলক হত্যা কৰা দোষীক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰি অভিজিৎ নাথৰ পিতৃ অজিত নাথে কয়, “ল’ৰা দুটাক অতি নিৰ্মমভাৱে হত্যা কৰা পাষণ্ডকেইটাক ফাঁচী দিব লাগে (Death Penalty Demand Assam)।”

বিচাৰপ্ৰক্ৰিয়া সন্দৰ্ভত নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে কয়, “আজি আমাৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা সম্পন্ন হৈছে। পৰৱৰ্তী সময়ত অৰ্থাৎ চলিত মাহতে বিপক্ষৰ অধিবক্তাই যুক্তি দৰ্শোৱাৰ সুযোগ লাভ কৰিব। বিপক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা সম্পন্ন হলেই হয়তো কম সময়ৰ ভিতৰত ৰায়দান হ’ব বুলি আশা কৰিছোঁ। আমি পূৰ্বৰ দৰে এতিয়াও দোষীৰ চৰম শাস্তি দাবী কৰিছোঁ।”

ভুক্তভোগী পক্ষৰ হৈ লোক অধিবক্তা হিচাপে জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে যুক্তি দৰ্শাই আদালতত। ইয়াৰ বিপৰীতে অভিযুক্ত পক্ষৰ হৈ ওকালতি কৰে জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই।

উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুনত কাৰ্বি ভূমিৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ যোৱা গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক এটা ভুৱা প্ৰচাৰৰ ভিত্তিত এদল উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। ঘটনা সংঘটিত হোৱাৰ পাছতেই ডিফু আৰক্ষীয়ে মুঠ ৪৮ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। ইয়াৰোপৰি গোচৰটোৰ অনুসন্ধানকাৰী আৰক্ষী বিষয়াসহ ৭১ গৰাকীকৈ লোকক সাক্ষী কৰি এমাহৰ ভিতৰতেই অভিযোগনামা দাখিল কৰিছিল ডিফু আৰক্ষীয়ে।

অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত নগাঁও আদালতত অভি নীল হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাব। তাৰ পাছতেই চূড়ান্ত ৰায়ৰ প্ৰক্রিয়া আৰম্ভ হ’ব নগাঁও আদালতত।

লগতে পঢ়কঃ চূড়ান্ত পৰ্য্যায়ত অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া


Advertisement